বিহগুৰিঃ ৰাজ্যত অবৈধ সুৰাৰ অবাধ প্ৰচলনে সামাজিক বাতাবৰণ নষ্ট কৰাৰ লগতে হিংসা, পথ দুৰ্ঘটনা আদিৰ কাৰণ হৈ পৰিছে৷ সুৰাৰ ফলত নিতৌ ন ন অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। উচ্চতম ন্যায়ালয়েও সুৰাৰ এনে অন্ধকাৰ দিশটোলৈ চাই অনুজ্ঞাপত্ৰপ্ৰাপ্ত বাৰ আৰু ৱাইনশ্বপসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা আতৰাই নিবৰ বাবে নিৰ্দেশনা দিয়ে চৰকাৰক।

উক্ত নিৰ্দেশৰ ফলত সুৰাৰ বিপণীসমূহ বন্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰি সমাজবিৰোধী এচাম অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে গঢ়ি তুলিছে সুৰাৰ বিপনী আৰু হোটেল। শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বেলশিৰিস্থিত হোটেলৰ পাঞ্জাৱৰ কৰ্ম-কাণ্ডই স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ চকু কপালত তুলিছে।

বিগত সময়ছোৱাত হোটেল পাঞ্জাবে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সন্মুখত অবৈধ সুৰাৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন কৰি আছে  বিভিন্ন দল-সংগঠনে।

সচেতন মহলে ঠেলামৰা ৰাজহ চক্ৰ বিষয়া লিজা তালুকদাৰক বিষয়টো সন্দৰ্বত অৱগত কৰাত বিষয়াগৰাকীয়ে হোটেল পাঞ্জাবৰ বিৰুদ্ধে জিলা আবকাৰী বিভাগক লগত লৈ যুটীয়া অভিযান চলাই অবৈধ সুৰাৰ লগতে স্বত্বাধিকাৰীৰ পুত্ৰক আটক কৰে।

ইয়াৰ মাজতে স্থানীয় বিধায়ক অশোক সিংহলে নিজৰ সমষ্টিৰ বিদ্যালয়ৰ সমুখত অবৈধ সুৰাৰ ব্যৱসায় চলা কাৰ্যক কোনোদিনে আপোচ কৰা নহ'ব বুলি কয়৷ তেনে অপ-সংস্কৃতিৰ বিৰুদ্ধে সদায় জনসাধাৰণৰ সপক্ষে মাত মাতি যাব বুলিও তেওঁ উল্লেখ কৰে৷

বিদ্যালয়ৰ সন্মুখত হোটেল পাঞ্জাবত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে বিধায়কজনে। আনহাতে হোটেল পাঞ্জাবত অবৈধ সুৰাৰ অবাধ প্ৰচলন সন্দৰ্ভত ঠেলামৰা ৰাজহ চক্ৰ বিষয়া লিজা তালুকদাৰে জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাক লিখিতভাবে অৱগত কৰে৷ অঞ্চলটোত অবৈধ সুৰাৰ ব্যৱসায় বন্ধ নকৰিলে বিভিন্ন দল-সংগঠনে আন্দোলন কৰাৰো ভাবুকি প্ৰদান কৰে।