
গোৰেশ্বৰঃ ৰাজ্যৰ বহু ঠাইৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগা হৈছে৷ ৰাজ্য চৰকাৰে পৰ্যাপ্ত সহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই গোৰেশ্বৰৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িতক সাহায্য আগবঢ়ায়৷
ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰি ৰাইজে ককবকাই থাকিব লগা হৈছে৷ বিধায়কগৰাকীয়ে বান বিধ্বস্ত গাঁৱৰ দুৰ্গত ৰাইজৰ খবৰ লোৱাৰ লগতে শুক্লাই নদীৰ প্ৰবল বানত ক্ষতিগ্ৰস্ত হোৱা নাটকুছি, বগৰীবাৰী, বনবাৰী আদি গাঁৱলৈ গৈ আজি বিধায়কগৰাকীয়ে বান সাহায্য বিতৰণ কৰে৷
বগৰীবাৰীত বানত ঘৰ-মাটি হেৰুওৱা দুটা পৰিয়াললৈ নগদ এঘাৰ হাজাৰকৈ টকা গৃহ নিৰ্মাণৰ বাবে প্ৰদান কৰে। চাউল, দালি, চিৰা, নিমখ আদি খাদ্য সামগ্ৰীও বিতৰণ কৰে। ইপিনে বনবাৰীতো বিধায়কগৰাকীয়ে নিজে উপস্থিত হৈ বিভিন্ন খাদ্য-সামগ্ৰী বিতৰণ কৰে।
ৰাজ্য চৰকাৰে বানপানীৰ স্থায়ী সমাধানৰ বাবে নদীৰ গতি পথৰ অধ্যয়ন কৰি মথাউৰি নিৰ্মাণৰ আচঁনি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে বিধায়ক ভৱেশে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বানপানীৰ উৎস আৰু চবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা নদীৰ পানীৰ অধ্যয়নৰ বাবেও এশ কোটি টকা প্ৰদান কৰিছে কৰা বুলি কৈ ভৱেশে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ প্ৰায় এঘাৰ কোটি টকা প্ৰদান কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দুই হাজাক কেটি টকাৰ পেকেজ প্ৰদান কৰা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে।