নলবাৰীঃ নলবাৰী জিলাৰ ৫৯ নং বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰাঞ্চলৰ খেতি পথাৰসমূহ শুকুৰবাৰে পৰিদৰ্শন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই৷ ইয়াৰ লগতে বিভিন্ন কৃষিৰ লগত জড়িত লোকসকলকো সাক্ষাৎ কৰে। সেই অঞ্চলৰ খেতিয়কৰ লগত মত-বিনিময় কৰি তেওঁলোকে মুখামুখি হোৱা সমস্যা সমূহ দূৰ কৰাৰ বাবে অপৰিহাৰ্য্য চেষ্টা কৰি যাব বুলি সংকল্পবদ্ধ হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

ইয়াৰ লগতে তেওঁ কয় যে যিহেতু ভাত অসমীয়া মানুহৰ প্ৰধান খাদ্য, গতিকে আমাৰ কৃষকসকলে নিতান্তই অধিক মাটি ধানখেতিত ব্যৱহাৰ কৰিব লাগিব।  কৃষি ভূমি কৃষিৰ সলনি অন্য লাভজনক কামত নিয়োগ কৰাৰ ফলত অসমত প্ৰতি বছৰে কৃষি ভূমিৰ পৰিমাণ দ্ৰুত গতিত কমি আহিব ধৰিছে।

এনে পৰিস্থিতিত বৰ্দ্ধিত জনসংখ্যাৰ ভাতৰ চাহিদা পূৰাবলৈ অন্য ফলপ্ৰসু উপায় অৱলম্বন কৰিব লাগিব, যিটোৱে ধান খেতিৰ কৃষি ভূমিৰ পৰিমাণ বৃদ্ধি নকৰাকৈয়ে ধানৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। ধানৰ উৎপাদিকা শক্তি বৃদ্ধি এনে এটি উপায় যাৰ দ্বাৰা কৃষকসকলে ধানৰ কৃষি ভূমিৰ পৰিমাণ বৃদ্ধি নকৰাকৈ প্ৰতি একক খেতি মাটিৰ পৰা অধিক উৎপাদন পাব পাৰে।