
বৰক্ষেত্ৰীঃ বিপদ আতৰিল৷ বছৰ বছৰ ধৰি দলং নথকাৰ বাবে বিপদসংকুল ভাবে আহ-যাহ কৰা ৰাইজে আজিৰে পৰা পথটোত শংকাহীনভাবে খোজকাঢ়িব পাৰিব৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কুৰাবাহীত বিধায়ক উদ্বোধন কৰিলে বৰক্ষেত্ৰীবাসীৰ বহু দিনীয়া আশাৰ কালভাৰ্টটো৷
প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী তথা মাছৰ ব্যৱসায়ৰ বাবে বিখ্যাত বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিৰ সীমান্তৰ কুৰাবাহী অঞ্চলক চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
বিশেষকৈ দুয়োটা সমষ্টিৰ মৎসজীৱী মানুহখিনিয়ে বসবাস কৰা অঞ্চলটোৰ যাতায়ত ব্যৱস্থা অতি বিপজ্জনক৷ কুৰাবাহী অঞ্চলৰ লোকসকলে মূল পথটোৰ জৰাজীৰ্ণ কাঠৰ দলংখনৰ বাবে যমৰ যাতনা ভোগ কৰি আহিছিল৷ স্থানীয় ৰাইজে দলংখন মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছিল যদিও গা লৰা নাছিল৷
বিগত বিধান সভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা জয়ী হোৱা নাৰায়ন ডেকাই অঞ্চলটোৰ জনসাধাৰণৰ এই অভাৱ পূৰ কৰি স্থানীয় ৰাইজক সকাহ প্ৰদান কৰে৷ সমষ্টিটোৰ বিধায়কজনে আজি দলংখনৰ ঠাইত কালভাৰ্ট নিৰ্মাণ কৰি অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুগম কৰে৷ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত অতিকৈ ভিতৰুৱা অঞ্চল কুৰাবাহি।
এই অঞ্চলটো বৰক্ষেত্ৰী সমষ্টিৰ একেবাৰে সীমাত অৱস্থিত। নলবাৰী জিলাৰ দুই সমষ্টি বৰক্ষেত্ৰী আৰু ধৰ্মপুৰৰ একেবাৰে সীমাত অৱস্থিত হোৱাৰ বাবে বছৰ বছৰ ধৰি চৰকাৰী আঁচনিয়ে সাঙুৰি লোৱা নাছিল বুলি অভিযোগ উত্থাপন হয়।
অঞ্চলটোত বিশেষকৈ মৎসজীৱী লোকসকল বসবাস কৰে। দীৰ্ঘদিন ধৰি মাছৰ ব্যৱসায় কৰাত তথা মাছ বজাৰলৈ নিয়াত ব্যাপক সমস্যাত পৰিছিল লোকসকল।
বিশেষকৈ পথটোৰ কাঠৰ জৰাজীৰ্ণ দলং খনৰ বাবে যাতনা ভোগ কৰি আহিছিল জনসাধাৰণে। ৰাইজে দীৰ্ঘদিন ৰজাঘৰীয়াক দলংখন মেৰামতি দাবী জনায় আহিছিল। বিগত বিধানসভা নিৰ্বাচনত বাৰক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা নাৰায়ণ ডেকাই জনসাধাৰণৰ এই অভাৱ পূৰণ কৰি নিৰ্মান কৰিলে এটি বক্স কলভাৰ্ট।