04
Dec
2017

গহপুৰঃ ছয়দুৱাৰ মহাবিদ্যালয়ত সোমবাৰে স্থানীয় বিধায়ক উৎপল বৰা উপস্থিত হয়৷ বিধায়কগৰাকীয়ে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ সভাত গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তাওঁ উপস্থিত থাকে।
অসম চৰকাৰৰ শিক্ষা বিভাগে আৱন্টন দিয়া ১ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া উন্নয়ণৰ কাম সন্দৰ্ভত আলোচনা কৰে কলেজ কৰ্তৃপক্ষৰ সৈতে৷ আনহাতে মহাবিদ্যালয়খনৰ লগতে গহপুৰ চহৰত প্ৰতিবছৰে সন্মুখীন হৈ অহা বানপানীৰ সমস্যাৰ সমাধান সন্দৰ্ভতো পৰ্যালোচনা কৰে৷
গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা নৈ কেইখন এচাম লোকে বেদখল কৰি অহাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই অহা ২৬, ২৭ ডিচেম্বৰত উপায়ুক্ত, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা আৰু পৰিচালনা সমিতিৰ এখন সভাৰ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।