মঙলদৈঃ পথাৰ এখনৰ চৌদিশে মানুহ৷ মানুহবোৰ গোট খাইছে এজন মানুহক চাবলৈ৷ উৎসুক সেই মানুহবোৰৰ মাজৰ একাংশৰ হাতে হাতে দামী মোবাইল, পিন্ধনত দামী কোপোৰ৷ উৎসুকতাৰে ৰৈ থকা লোকসকলে চাব বিচৰা মানুহজন কিছু সময় পাছত আহি পথাৰত ভৰি থলেহে, মাত্ৰ তাৰ পাছতে একাংশ লোক ব্যস্ত হৈ পৰিল মানুহজনৰ ফটো তোলাত৷

মানুহজনে এখন নতুন ধূতি আৰু এটি দামী কামিজ পিন্ধি বাৰিষাৰ বোকা পানীৰ পথাৰত নামিছে৷ মানুহজনে পিন্ধি অহা নতুন কাপোৰৰ ষ্ট্ৰীৰ ভাজ মৰাই নাই৷ মূৰত এখন গামোছা মেৰিয়াই কেতিয়াবা বলধেৰে মানুহজনে হাল বাইছে আৰু কেতিয়াবা ৰোৱনীৰ সৈতে ভূঁই ৰুইছে৷

জকাইচুকৰ কৃষকে কজলা পখৰা ঘূৰ বুলি কোৱাৰ দৰে মানুহজনে বলধৰ হাল ঘূৰাইছে৷ মানুহজনে পথাৰত কৰা প্ৰতিটো কামৰ ফটো একাংশ লোকে তুলি গৈছে৷ হাল বাই থকা মানুহজনক পহৰাও দিছে আৰক্ষীয়ে৷ একাংশ লোকে পথাৰৰ বোকা পানীৰ মাজত থকা লোকজনক প্ৰত্যক্ষ কৰি যেন আমোদ হে পাইছে৷

বাৰিষাৰ পথাৰত নামি হাল বোৱা, ভূঁই ৰোৱা মানুহজন আন কোনো নহয়। তেওঁ দৰঙৰ মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যেতি দাস৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ কবলত পৰি ককবকাই থাকিব লগীয়া হোৱাৰ সময়তে তথা কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হোৱাৰ সময়তে মঙলদৈত দেখিবলৈ পোৱা গ’ল আজি এক ব্যতিক্ৰমী ছবি।

মঙলদৈৰ গধীয়াপাৰা, কোঁৱৰপাৰা, মেধিপাৰা আদি গাঁৱৰ পুৰুষ-মহিলাৰ সৈতে বিধায়কজন ব্যস্ত হৈ পৰিল খেতিপথাৰৰ কামত। স্থানীয় বিধায়ক গুৰুজ্যেতি দাসে মঙলদৈৰ কোঁৱৰপাৰাৰ পথাৰত ৰোৱনীসকলৰ সৈতে একেলগে ভূঁই ৰুলে।

বিয়া নাম, বিহু নাম গাই গাই ভূঁই ৰুই আপোন পাহৰা হৈ পৰে গুৰু৷ শৈশৱক স্মৰণ কৰিয়েই হয়তো বিধায়কজনে খেতি পথাৰ, ৰোৱনী, বলধ, নাঙলৰ কাষ চাপে৷ শৈশৱৰ পৰাই কৃষি পথাৰৰ সৈতে  সু-সম্পৰ্ক থকা বিধায়ক গুৰুজ্যেতিয়ে মূৰত জাপি, হাতত এছাৰি লৈ বলধৰ কান্ধৰ নাঙল ধৰি নষ্টালজিক হৈ পৰে৷

গুৰুজ্যোতিয়ে হয়তো তাহানিৰ খেতি পথাৰ আৰু আজিৰ পথাৰৰ মাজত পাৰ্থক্য ভালকৈয়ে বুজি পালে৷ কিয়নো হাল বালে তাহানি ফটো তোলা মানুহ নাছিল, কিন্তু আজিৰ খেতিপথাৰত দুই-এজন বিশেষ খেতিয়কৰ(!) ফটো তুলিবলৈ ভিৰ কৰে মানুহে। কেৱল ফটো তোলাই নহয়, বাটৰুৱাই ৰৈ ৰৈ চায় আজিৰ বিশেষ খেতিয়কক!