গুৱাহাটীঃ মদে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে একো একোটা পৰিয়ালক৷ একো একোটা পৰিয়াল নিঃশেষ কৰি পেলাই এই মদ নামৰ নিচাযুক্ত দ্ৰব্যই। মদ্যপান কৰাৰ ফলত পথ দুৰ্ঘটনা, হত্যা, লুন্ঠন, গৃহকন্দল, অাত্মহত্যা, ধৰ্ষণৰ কাণ্ডৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷ এই মন্তব্য বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত বৰুৱাৰ৷

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মদমুক্ত অসম দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন কৰ্মশালাত অংশ লৈ মনোৰোগ বিশেষজ্ঞগৰাকীয়ে এই মন্তব্য আগবঢ়ায়৷ জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত অালোচনা চক্ৰত মুখ্য অালোচক হিচাপে প্ৰাক্তন প্ৰশাসনিক বিষয়া লক্ষীনাথ তামুলী, মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত বৰুৱা, লেখিকা অৰূপা বৰুৱা সহিতে ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷

এখন নিচামুক্ত সমাজ গঢ় দিবৰ বাবে প্ৰয়োজনীয় কেইবাটাও দিশ সম্পৰ্কে অালোচনা চক্ৰত বক্তাসকলে আলোচনা কৰে। চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা মদৰ ব্যৱসায়ে নবপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অালোচনা চক্ৰত অংশগ্ৰহণ কৰা বক্তাসকলে।

মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধ ইতিমধ্যে তৎপৰ হোৱা বুলিও প্ৰকাশ কৰে মদমুক্ত অসম দাবী সমিতিয়ে ৷ গুজৰাট, বিহাৰ তথা চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰামত ইতিমধ্যে মদ নিষিদ্ধ হোৱাৰ পিছত কিয় অসমত মদ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰ নিৰ্বিকাৰ হৈ আছে বুলি বক্তাসকলে প্ৰশ্ন কৰে৷ কেবল চৰকাৰী মুনাফাৰ বাবে চৰকাৰৰ পৃষ্ঠপোষকাত মুকলিকৈ মদৰ ৰমৰমীয়া বেহা চলিছে বুলিও তেওঁলোকে অভিযোগ কৰে।

মদ মুক্ত অসম দাবী সমিতিৰ চেষ্টাত প্ৰশাসনৰ সহযোগিতাত ইতিমধ্যে শিৱসাগৰ অাৰু গোলাঘাট চহৰত মাদক দব্য নিষিদ্ধ কৰা হৈছে বুলিও আলোচনা চক্ৰত উল্লেখ কৰা হয়৷ সমিতিয়ে জনসাধৰণৰ সাক্ষ্য লৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও কয়।

মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত বৰুৱাই মদ তথা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অাসক্ত নহ'বলৈ কিদৰে পৰিৱেশ অাৰু একো একোটা পৰিয়ালত সুস্থ পৰিবেশ গঢ় দিব লাগে ইয়াৰ সন্দৰ্ভতো যথেষ্ট গুৰুত্ব অাৰোপ কৰাৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ায়। পৰম্পৰাগত মদৰ দোহাই দি অস্বাস্থ্যকৰ ভাবে প্ৰস্তুত কৰা মদে অপমৃত্যু মাতে অাৰু ইয়াৰ ভয়াৱহতা কিমান সকলোকে বুজি চাবলৈ অাহ্বান জনাই মদমুক্ত অসম দাবী সমিতীৰ সভাপতি প্ৰবীণ দাসে।