
newsnextone.com | নামতিঃ চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ নামত ৰাজনীতি কৰি থকাৰ ফলত সাধাৰণ ৰাইজৰ সমস্যাৰ কথা পাহৰি যোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ চৰকাৰে পাহৰি কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে চেষ্টা কৰাৰ বিপৰীতে বিতৰ্কত সোমাই পৰিছে চৰকাৰ৷ অসমৰ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা-কৃষি আদিৰ সমস্যাক পাহৰি যোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ বানপানী-গৰাখহনীয়া ৰোধ, যুৱক-যুৱতীৰ সংস্থাপন, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয় সমূহ পাহৰি গৈছে চৰকাৰে৷
গ্ৰাম্য এলেকাৰ ৰাস্তা-ঘাট নিৰ্মাণ কৰা, কৃষকক খেতি পথাৰত পানী দিয়া, সাৰ, বীজ দিয়া৷ অসমৰ জনগণৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা, গঁড় হত্যা ৰোধ কৰা, বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, তৈল খাদ নিলাম ৰোধ কৰা, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, গৰাখহনীয়া ৰোধ কৰা, নৈ পাৰত তম্বুৰ তলত বাস কৰি থকা অসমীয়াক একঠা মাটি দিয়া, মাজুলীক সুৰক্ষিত কৰা, ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মাচৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, ৰাজ্যৰ কেইবাটাও বন্ধ হোৱা ৰাজহুৱা উদ্যোগ পুনৰ কাৰ্যক্ষম কৰা আৰু তাত কাম কৰি লোকৰ দৰমহা আদায় দিয়াৰ তথাবোৰ পাহৰি গ’ল চৰকাৰে৷
চৰকাৰে উৎসৱৰ পতাৰ নামত ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰিলে যদিও গ্ৰাম্য এলেকাৰ উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰা নাই৷ ৰাজ্য চৰকাৰে নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ, বৰাক উৎসৱ, শিৱ উৎসৱ, এডাভাণ্টেজ অসম অনুষ্ঠিত কৰি অতিথিক আদৰাৰ নামত কোটি কোটি টকা খৰছ কৰিছে যদিও গ্ৰাম্য এলেকাৰ বহু লোকে আজিও বিদ্যুতৰ পোহৰ পোৱা নাই৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ এজাক বৰষুণতে বোকা-পানীৰ বাবে খোজ কাঢ়িব নোৱাৰাৰ পৰিৱেশ হয় ৰাজ্যৰ শ-শ গাঁৱত৷
জাতি-মাটি-ভেটি সুৰক্ষাৰ কথা কোৱা আৰু অসমৰ সৰ্ব্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ তিনি বছৰ অতিক্ৰম কৰিবলৈ হ’ল৷ সবকা সাথ, সবকা বিকাশ’ৰ কথা কৈ ৰাইজৰ উন্নয়নৰ বাবে দিয়া প্ৰতিশ্ৰুতি মাথো ফুটুকাৰ ফেন হৈয়ে ৰ’ল৷ সাধাৰণ জনতাৰ অসুবিধা তথা যন্ত্ৰণাক আজিকোপতি গুৰুত্ব নিদিলে চৰকাৰে৷ এই অভিযোগ সাধাৰণ ৰাইজৰ৷ যিয়ে সৰ্বানন্দ সোণোৱালৰ উন্নয়নৰ প্ৰলোভনত ভোল গৈ এদিন ভোট দিছিল৷
তাৰ মাজতে, ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰুপ উদঙাইছে শিৱসাগৰ জিলাৰ ১০৩নং আমগুৰি বিধানসভা সমষ্টিৰ অন্তর্গত হাফলুটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নামতিমুখ ন-আলি নামৰ গাঁওখনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘৰে ঘৰে বিজুলি যোগান, বিশুদ্ধ খোৱাপানী যোগান আদি প্ৰতিশ্ৰুতিসমূহক ভুৱা প্ৰতিপন্ন কৰি এতিয়াও অন্ধকাৰত ডুব গৈ আছে গাঁওখন৷ গাঁওখনত নাই খোৱা পানীৰ ব্যৱস্থা৷ স্বাস্থ্য, শিক্ষা আদিৰ দিশৰ পৰাও পিছপৰি ৰৈ গৈছে গাঁওখন৷ চৰকাৰৰ গুৰুত্বহীন মনোভাৱৰ ফলত সকলোবোৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত গাঁওখনৰ সাধাৰণ ৰাইজ৷
আনহাতে গাঁও খনৰ একমাত্ৰ যোগাযোগৰ পথ ঐতিহাসিক ৱাকচুং ন-আলি পথটোত বছৰ বছৰ ধৰি পৰা নাই এচপৰা মাটি৷ ফলত জাৰাজীৰ্ণ পথটোৰে আহ-যাহ কৰে ৰাইজে৷ যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে৷ এজাক বৰষুণ দিলে সময়ত একাঠু পৰ্যন্ত পানী হয়৷ বোকাৰ প্ৰকোপত বৰষুণৰ বতৰত ঘৰৰ পৰা ওলাবলৈ ভয় কৰে ৰাইজে৷
পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইযে জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো চৰকাৰৰ অৱহেলাৰ বাবে পথটোত শিল এটাও নপৰিল৷ বাৰিষাৰ কালত এজাক বৰষুণতে বোকাময় পথাৰৰ ৰূপ লোৱা পথটো স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই নিজে পৰ্যবেক্ষণ কৰি যাতায়তৰ বাবে দুখন নাও প্ৰদান কৰাৰ আশ্বাস দিছিল যদিও পিছ দি পাহিৰ গ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷
খোৱাপানীৰ সমস্যা, বিদ্যুতৰ সমস্যা, স্বাস্থ্য-শিক্ষা আদিৰ সমস্যাই গা-কৰি উঠে গাঁওখনত৷ বাৰিষা এবুুকু পানীত বুৰ গৈ থকা গাঁওবাসীয়ে কোনোফালেই উন্নয়নৰ মুখ দেখা নাই৷ ৰাইজে গাঁওখনৰ সমস্যা সমাধানৰ বাবে কেইবাবাৰো চৰকাৰ তথা বিধায়কৰ দৃষ্টিগোচৰ কৰিও সফল নোহোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গাওঁ খনলৈ আমন্ত্ৰণ জনায়৷ ৰাইজে কয় ‘‘আমি প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমাৰ গাঁও খনৰ অৱস্থা প্ৰত্যক্ষ কৰিবলৈ আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছো৷ দুয়োগৰাকী দেশ আৰু ৰাজ্যৰ মুৰব্বী গাঁও খনলৈ আহিলে বোকা পানীৰ মাজেৰে আহিবলৈ অসুবিধা পাব৷ যাৰ বাবে আমি ৰাইজে পথটো মেৰামতি কৰি দুয়োগৰাকী নেতা যাতে গাঁও খনলৈ আহিব পাৰে তাৰ ব্যৱস্থা কৰিছো৷ আমি সকলো গাঁওবাসীয়ে হাতে হাতে কোৰ লৈ পথটো মেৰামতি কৰিছো৷’’
ইমানে নহয় ৰাইজে ৰেড কাৰ্পেট পাৰি তেওঁলোকক আমি আদৰণি জনাবলৈ সাজু বুলি কৈ তেওঁলোকে আহিব বুলি আশাবাদী বুলি কয়৷ দুয়োগৰাকী নেতা আহিলে বিদ্যুতৰ পোহৰ লাভ কৰাৰ লগতে বিশুদ্ধ খোৱাপানী, ৰাস্তা ঘাটৰ উন্নয়ন হ’ব বুলি আশাবাদী ৰাইজ৷