05
Aug
2017

নগাঁওঃ জন্মস্থান নগাঁৱত আজি ৰঙা জিঞাৰ কবি মহিম বৰাক স্মৰণ কৰে নগঞাই৷ নগাঁৱত ৰঙা জিঞাৰ কবি মহিম বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
নগাঁও জিলা সাহিত্য সভা আৰু কলংপাৰ বিদ্যাপীঠে কবি সাহিত্যিক গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰে৷
কলংপাৰ বিদ্যাপীঠৰ সভাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গল্পকাৰ কুসুম বৰা, সাহিত্যক ৰতিমোহন নাথ, কবি গিৰীশ চন্দ্ৰ দাস আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি কবি গৰাকীক স্মৰণ কৰে।
মহিম বৰাৰ মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠানত একাঁজলি শ্ৰদ্ধা যাচে নগাঁও জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক জ্যোতি প্ৰসাদ বৰাৰ লগতে নগাঁৱৰ বিশিষ্ট লোকসকলে।