কোকৰাঝাৰঃ বিটিচিৰ কোকৰাঝাৰ জিলাৰ উজানপাৰা ভিচিডিচি অধ্যক্ষ বংকেশ্বৰ নাৰ্জাৰী আৰু ভিচিডিচিখনৰ দুগৰাকী সদস্যই বেংক একাউন্ট খুলি দিয়াৰ নামত দুবছৰ পূৰ্বে ৰাইজৰ পৰা প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰি সেয়া আজিলৈ উভতাই নিদিয়াত ৰাইজে শেহতীয়াভাৱে তেওঁলোকৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷

এজাহাৰত উল্লেখ থকা মতে উজানপাৰা ভিচিডিচিৰ সদস্য প্ৰদীপ বসুমতাৰীয়ে প্ৰায় দুবছৰ পূৰ্বে প্ৰথমে গাওঁখনৰ মহিনী বৰ্মন,আনটি বৰ্মন,ৰুপালী দাস,সন্মতি বৰ্মন,ধনেশ্বৰী ৰায়,মায়া বৰ্মন,চাৰুবালা বৰ্মন আৰু ভৈৰৱী বৰ্মনকে ধৰি আন একাংশৰ প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰি সেয়া বেংক একাউন্ট খুলি এটিএম কাৰ্ডসহ উভতাই দিব বুলি প্ৰলোভন দিয়ে ৷

সেইমতে গাওঁৰ একাংশই ভিচিডিচিৰ সদস্য প্ৰদীপ বসুমতাৰীক নথিপত্ৰ সমূহ দিয়ে ৷ কিন্তু প্ৰদীপ বসুমতাৰীয়ে ভিচিডিচি খনৰ আন এজন সদস্য খিতীশ বৰ্মনক হে সংগ্ৰহ কৰা প্ৰয়োজনীয় তথ্যপাতি সমূহ দিয়ে ৷ ইপিনে গঞা ৰাইজে তেওঁলোকৰ পৰা দুবছৰ পূৰ্বে প্ৰলোভন দি সংগ্ৰহ কৰা  প্ৰয়োজনীয় তথ্যপাতি সমূহ ঘূৰাই বিচাৰে যদিও  ঘূৰাই  নিদিয়াত ৰাইজৰ মাজত সন্দেহ ওপজে।

ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ভিচিডিচিৰ অধ্যক্ষ বংকেশ্বৰ নাৰ্জাৰী, সদস্যদ্বয় ক্ৰমে প্ৰদীপ বসুমতাৰী আৰু খিতীশ বৰ্মনৰ উপৰিও ভোটগাওঁ এলাহাবাদ বেংকৰ প্ৰৱন্ধক গৰাকীৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত যোৱা ৩১ আগষ্টত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰে৷ ৰাইজৰ অভিযোগ  ভিচিডিচিৰ অধ্যক্ষ বংকেশ্বৰ নাৰ্জাৰী,সদস্যদ্বয় ক্ৰমে প্ৰদীপ বসুমতাৰী, ক্ষিতীশ বৰ্মন আৰু ভোটগাওঁ এলাহাবাদ বেংকৰ প্ৰৱন্ধক গৰাকীয়ে একেলগ হৈ তেওঁলোকৰ বেংক একাউন্টৰ জৰিয়তে টকা উলিয়াই আত্মসাৎ কৰিছে ৷