শিৱসাগৰঃ ৰাজ্যৰ চৌদিশে চোৰ, ডকাইত, লুণ্ঠনকাৰীৰ অবাধ বিচৰণৰ সময়তে শিৱসাগৰ এজন ব্যক্তি সকলোৰে আদৰ্শ হৈ পৰিছে৷ পেচাত শিক্ষক এই ব্যক্তি গৰাকীয়ে নিজ কৰ্মৰ জৰিয়তে আনৰ দৃষ্টিত এগৰাকী সৎ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউতৰ সহকাৰী শিক্ষক ত্ৰৈলোক্য দত্তই যোৱা ১৩ অক্টোবৰৰ নিশা ভাৰতীয় ষ্টেট বেংকৰ শিৱসাগৰ শাখাৰ সন্মুখত থকা এটিএমটোৰ পৰা ধন উলিয়াবলৈ যায়৷

কিন্তু তাত গৈ তেওঁ প্ৰত্যক্ষ কৰে যে পূৰ্বৰ এগৰাকী গ্ৰাহকে এটিএমৰ পৰা পইচা উলিয়াবলৈ আহি পইচা খিনি এৰি থৈ গৈছে৷ পূৰ্বৰ গ্ৰাহকজনে আনকি এটিএম পিন পৰ্যন্ত ব্যৱহাৰ অসম্পূৰ্ণ ভাৱে পইচা খিনি নিনিয়াকৈ গৈছে৷

ত্ৰৈলোক্য দত্তই এটিএমটোৰ বাকী থকা কাম খিনি সম্পূৰ্ণ কৰাত পূৰ্বৰ গ্ৰাহক জনৰ ৬০০০ টকা এটিএম মেচিনৰ পৰা ওলাই আহে৷ দত্তই সেই টকা খিনি চমজি লৈ বেংকক উভটাই দিব বিচাৰে৷ কিন্তু পিছদিনা দেওবাৰ হোৱা হেতুকে দত্তই ধনখিনি সোমবাৰে এখনি স্মাৰক পত্ৰসহ আনুষ্ঠানিকভাৱে বেংকটোৰ মূখ্য শাখা পৰিচালক অজয় হাজৰিকাৰ উপস্থিতিত টিবিডি মুস্তাতাক আলী আৰু এটিএম চেনেল পৰিচালক বিমল খঙীয়াক প্ৰদান কৰে৷

লুণ্ঠন ডকাইতি আদিৰ দৰে দুস্কাৰ্য সংঘটিত হোৱা যুগত ত্ৰৈলোক্য দত্তৰ কাৰ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে৷ ত্ৰৈলোক্য দত্ত শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ সম্পাদক পদতো অধিষ্ঠিত৷