মোৰাঝাৰঃ নৱগঠিত হোজাই জিলাৰ প্ৰাণকেন্দ্ৰ হোজাইত যান-বাহন আইন ভংগকাৰীৰপৰা মাত্ৰ এটা বছৰত ১৪ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষিতেশ্বৰ বনিয়াই জানিবলৈ দিয়া মতে হোজাই থানাৰ অধীনস্থ অঞ্চলৰপৰাহে সংগ্ৰহ কৰা হৈছে জৰিমনাৰ এই ধনৰাশি।

উল্লেখযোগ্য যে হোজাই অঞ্চলত যান-বাহন আইন ভংগ কৰা সকলক নাকী লগাবলৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষিতেশ্বৰ বনিয়াৰ নিৰ্দেশত প্ৰতিদিনে হোজাই অঞ্চলৰ ভিন্ন স্থানত আৰক্ষীয়ে তালাচী অভিযান চলায়।

তালাচীৰ সময়ত চালক অনুজ্ঞা-পত্ৰ নথকা ,ইঞ্চুৰেঞ্চৰ ম্যাদ উকলা, হেলমেট পৰিধান নকৰা, যান-বাহন আইনৰ নীতি-নিয়ম নমনা গাড়ী চালক অথবা গাড়ীৰ গৰাকীসকলৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে জৰিমনা বিহি আহিছে।

২০১৮ বৰ্ষত সংগ্ৰহ কৰা ১৪ লাখ ২১ হাজাৰ টকা কোষাগাৰত জমা কৰা হ'ব বুলি ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

ইপিনে বিষয়াগৰাকীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে কম বয়সীয়া বাইক চালকৰ দৌৰাত্ম হ্ৰাস হোৱা বুলি সচেতন নাগৰিকে প্ৰকাশ কৰি  বিষয়া গৰাকীৰ প্ৰচেষ্টাক প্ৰশংসা কৰা দেখা যায়।

একেদৰে যান-বাহন আইন ভংগ কৰা সকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লোৱা উদ্যোগৰ বাবেও বহু পৰিমানে পথ দুৰ্ঘটনাৰ ঘটনা হোজাইত হ্ৰাস হৈছে বুলিও অধিকাংশই মত ব্যক্ত কৰে।