মৰাণঃ সংসদীয় ৰাজনীতিৰ পাছে পাছে দৌৰিছে ৰাজ্যৰ ছাত্ৰৰ ৰাজনীতি৷ বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি সভা-সমিতিত ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে তৰল কথাৰে বিৰোধীক আক্ৰমণ কৰে৷ অসংসদীয় কথাৰে শাসক-বিৰোধীয়ে বিতৰ্ক তথা চমক সৃষ্টি কৰি ৰাজনীতি কৰি আহিছে ৰাজ্যৰ একাংশ ৰাজনীতিকে৷ তাৰ লগে লগে ৰাজ্যৰ ছাত্ৰৰ ৰাজনীতিয়ো গেলিবলৈ আৰম্ভ কৰিছে৷ ছাত্ৰৰ ৰাজনীতিও লাহে লাহে আক্ৰোশমূলক হৈ পৰিছে৷

কিছুদিন পূৰ্বে নগাঁও জিলাৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে৷ এই আক্ৰমণ নিৰ্বাচনকেন্দ্ৰিক আছিল বুলি জানিব পৰা যায়৷ এইবাৰ লেতেৰা ৰাজনীতি আৰম্ভ হৈছে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত৷

জানিব পৰা মতে, মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল যোৱা ৩১ আগষ্ট। একাংশ প্ৰাৰ্থীয়ে ৩১ আগষ্টত মনোনয়ন দাখিল কৰিব নোৱাৰাত মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অজুহাত দেখুৱাই মনোনয়ন পত্ৰ দাখিলৰ দিন বৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে৷ যাৰ ফলত মহাবিদ্যালয় কৰ্তৃপক্ষই মনোনয়ন পত্ৰ দাখিলৰ দিন এদিন বৃদ্ধি কৰিবলৈ বাধ্য হয়৷

মহাবিদ্যালয় কৰ্তৃপক্ষই দিন বৃদ্ধিৰ সময়ত কোনো দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা নাছিল যদিও প্ৰায় এসপ্তাহ পাছত ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ মনোনয়ন পত্ৰ পত্ৰ দাখিল কৰা একাংশ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ পাছত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

মৰাণ মহাবিদ্যালয়ৰ সন্মুখত সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মহাবিদ্যালয়খনৰ টোঘলকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ন্যায় বিচাৰে সংগঠনটোৱে৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰা একাংশ প্ৰাৰ্থীয়ে আন একাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰিন্টেত গোহাঁৰি বিতৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে। অভিযোগ উত্থাপন হোৱাৰ পাছতে তদন্ত নকৰাকৈ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ মিতালী কোঁৱৰে প্ৰাৰ্থীসকলৰ মনোনয়ন বাতিল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এই সিদ্ধান্তৰ বিৰুদ্ধে বঞ্চিত প্ৰাৰ্থীসকলে আজি পুৱাৰে পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ বঞ্চিত প্ৰাৰ্থী সহিতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও কৰি মনোনয়ন পত্ৰ বাতিলৰ কাৰণ জানিব বিচৰাত অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক গুৰুত্ব আৰোপ নকৰি কাৰ্যালয়ৰ পৰা ওলাই নাহি আৰক্ষীক খবৰ দিয়ে৷

কিছুসময় পাছত মহাবিদ্যালয় চৌহদত আৰক্ষী উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হয়৷ যাৰ ফলত কেইগৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়৷ মহাবিদ্যালয়খনত দুটা ফৈদৰ মাজত অৰিয়া-অৰি লগাৰ ফলত উত্তেজনাই বিৰাজ কৰিছে৷ একাংশ সচেতন লোকে ছাত্ৰৰ ৰাজনীতিত অৰিয়া-অৰি নকৰি আপোচ-মীমাংসাৰে সমস্যা সমাধান কৰাৰ আহ্বান জনায়৷ ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষই এই সিন্ধান্ত বাতিল নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷