
তিনিচুকীয়াঃ আধুনিকতাৰ কৰাল গ্ৰাসত পৰি উজনি অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ গৌৰৱ তথা কৃষ্টি সংস্কৃতিৰ পৰিচায়ক ৰাতিবিহু প্ৰায় বিলুপ্তিৰ পথত বুলি চৰ্চা আৰম্ভ হৈছে যদিও নৱ প্ৰজন্মৰ প্ৰচেষ্টাৰ পুনৰ ৰাতি বিহুৰ মাদকতা বৃদ্ধি হোৱা বুলি কব পাৰি৷
মৰাণ সমাজৰ সচেতন লোক আৰু প্ৰচেষ্টাত নিজ কলা-সংস্কৃতি পুনৰ উদ্ধাৰত ব্ৰতি হৈ থকা একাংশ সংস্কৃতিবান লোকে ৬০ দশকৰ কাল বলুকাত হেৰাই যাবলৈ ধৰা ৰাতিবিহু-পৰম্পৰাগত ঢালকড়ি খেল নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ লগতে প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যেৰে পুনৰাই প্ৰতীকি ৰূপত ডাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷
খিলঞ্জীয়া মৰাণ জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দিশৰ উপৰিও, ইতিহাস, দোৱান, লোকাচাৰ সম্পৰ্কে বহুতো গৱেষণা ইতিমধ্যে চলি থকাৰ সমান্তৰালভাৱে অসমৰ সংস্কৃতিৰ বৰপেৰাটোও চহকী কৰিছে৷ অতীজৰে পৰা পৰম্পৰা অনুসৰি ব'হাগৰ প্ৰথমটো মঙলবাৰে মৰাণ জনগোষ্ঠীৰ লোকসকলে ৰঙালী বিহু পালন কৰি আহিছে৷
অতীজৰে পৰাই কৃষিজীৱি মৰাণ ৰাইজে সুকীয়া ঢোলৰ সুকীয়া চাপৰ, নিজস্ব শৈলীৰ গীত-মাত আৰু সাজ পোচাকৰ ব্যৱহাৰত ভিন্নতাৰে ৰঙালী বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ লগতে নিজৰ পৰিচয় দি অহা পৰিলক্ষিত হৈ আহিছে৷ একেদৰে ৰাতিবিহুৰ পৰম্পৰাও মৰাণ সমাজ বাবে এক এৰাব নোৱাৰা অংগ৷ আধুনিকতাৰ ধামখুমীয়াত পৰি ৰাতিবিহু প্ৰায় নিশ্চিহ্ন হোৱাৰ দিশে আগবাঢ়িছিল যদিও পুনৰ বিহুৰ পৰম্পৰা উজলি উঠিব ধৰিছে৷
চাকচনি মাৰিৰ কোব শুনিলেই গাভৰু নালাগে প্ৰৌঢ় সকলৰো গা ৰাইজাই আজিও কৰে৷ সেই ৰাতিবিহুক আজিৰ প্ৰজন্ম আৰু বিশ্বদৰবাৰত চিনাকি কৰি দিয়াৰ মানসেৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত ৭ বহাগত সদৌ অসম মৰাণ সভাৰ কাকপথাৰ আৰু টঙনা আঞ্চলিক সমিতি, সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতি আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ কাকপথাৰ আঞ্চিলিক সমিতিৰ উদ্যোগত পালন কৰা হয়৷
তদুপৰি জনগোষ্ঠীটোৰ মাজত প্ৰচলিত অন্যতম ঢাল-কড়ি খেলৰো শুভ উদ্ধোধন কৰে অসম চৰকাৰ পশুপালন বিভাগৰ সঞ্চালক জ্যোতিমণি মৰাণে৷ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ ডেৰ সহস্ৰাধিক নাচনীয়ে অংশগ্ৰহণ কৰা এই ৰাতিবিহুথলীত প্ৰথমাৱস্থাত বতৰে কিছু বিধি পথালি দিছিল যদিও বৰষুণৰ প্ৰৱল বাধাকো নেওচি দৰ্শকৰ উচাহৰ ধল ব'বলৈ আৰম্ভ হয়৷ চাকচনিৰ চেৱত ডেৰ সহস্ৰাধিক নাচনীৰ নাচ প্ৰত্যক্ষ কৰি সকলো দৰ্শক, অতিথি, সংবাদমাধ্যম, কৰ্মকৰ্তা মুগ্ধ হৈ ৰয়৷