তিতাবৰৰপৰা সপোন ৰহমান শইকীয়াঃ এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

নৱজাতকটিৰ মৃত্যুৰ লগে লগেই তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। চিকিৎসকৰ গাফিলতিৰ বাবেই নৱজাতকৰ মৃত্যুৰ অভিযোগ তুলিছে তিতাবৰ খেতিফাৰ্ম অঞ্চলৰ পুনেছ তাঁতী আৰু সন্ধ্যা তাঁতী নামৰ দুই অভিভাৱকে।

অভিযোগ অনুসৰি সোমবাৰেই তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰসূতিগৰাকীক। কিন্তু প্ৰসূতিগৰাকীক চিকিৎসাৰ ক্ষেত্ৰত গাফিলটি কৰাৰ বাবেই নৱজাতক শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ তুলি  উত্তেজনাৰ সৃষ্টি কৰিলে প্ৰসূতিৰ আত্মীয়ই। ফলত কিছু সময়ত বাবে স্থবিৰ হৈ পৰে চিকিৎসালয়ৰ কাম কাজ। অৱশেষত চিকিৎসা বিষয়া বিনা বৰদলৈৰ তৎপৰতাত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হয়।