মৰিয়নীঃ মৰিয়নীত অবৈধ মদ আৰু জুৱাৰ বিশাল ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে৷ একাংশ অসৎ যোগেদি প্ৰশাসনৰ বৰমূৰীয়াসকলক মেনেজ কৰি চলাই আছে অবৈধ জুৱাৰ ব্যৱসায়ীসকলে৷ একাংশ জুৱাৰিয়ে উচ্চতম ন্যায়ালয় নিৰ্দেশক ভেঙুচালি কৰি জুৱাৰ বৃহৎ ব্যৱসায় চলাই আহিছে৷

আন্ধাৰৰ সুযোগ লৈ নহয়, দিন-দুপৰতে মৰিয়নীত আৰক্ষীৰ সন্মুখতে অব্যাহত ৰাখিছে একাংশ জুৱাৰিয়ে বৃহৎ বৃহৎ জুৱা খেল৷ মৰিয়নী কঠালগুৰি অঞ্চলত দিনদুপৰতে কঠালগুৰিৰ নিবাসী সঞ্জীৱ কৰ্মকাৰ আৰু মৰিয়নী ২ নং ৱাৰ্ডৰ নিবাসী ৰাজীব হুছেইনে লগ হৈ এই বৃহৎ জুৱা খেল কঠালগুৰি ভক্তা লাইনৰ পাছফালৰ পথাৰত প্ৰতি দেওবাৰে পুৱাৰপৰা সন্ধিয়ালৈকে এই খেল চলাই গৈছে৷

মৰিয়নী আৰক্ষীৰ ভূমিকা লক্ষ্যণীয়, কিয়নো মৰিয়নীত একাংশ সুৰা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে অবৈধভাৱে লালি গুৰ আৰু চুলাই-মদৰ৷ ন্যায়ালয়ৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ সমাজ বিদ্ৰোহী লোকে কুকুৰা যুঁজ আয়োজন কৰি নিতৌ হত্যা কৰিছে হাজাৰ হাজাৰ কুকুৰা৷ অসংখ্য কুকুৰা জুৱাৰ নামত হত্যা কৰি নিজৰ আমোদ আৰু আমেজ লৈ জুৱাৰ ব্যৱসায় কৰি য’ত বিশাল জুৱাৰ সাম্ৰাজ্য গঢ়ি তুলিছে তাত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে৷ যদি কোনো সাংবাদিক বা আন লোকে জুৱা খেলৰ অনুষ্ঠানত কেমেৰা লৈ প্ৰৱেশ কৰে তেন্তে তাক আক্ৰমণ কৰা হ’ব বুলি কমিটীৰ লোকে প্ৰকাশ কৰে৷

ইমান খিনি অভিযোগ থকাৰ পাছতো জুৱা খেল চলি থকাৰ সম্পূৰ্ণ তথ্য আৰক্ষীক দিয়াত আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ নোলোৱা বিষয়টো লক্ষণীয় বুলি বিবেচিত হৈছে৷ কিয় বাৰে বাৰে আৰক্ষীৰ লগত যোগাযোগ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ নলয়৷ এই জুৱা খেলৰ ব্যৱসায়ীলোকৰ লগত কেনেধৰণৰ মিতিৰালি আছে? কিয় পক্ষপাত গ্ৰহণ কৰিছে মৰিয়নী আৰক্ষীয়ে? যদিহে আৰক্ষীৰ লগত কোনো মিতিৰালি নাই জুৱাৰিৰ, কিদৰে নিতৌ নিৰ্ধাৰিত সময়ত পাতি আছে এই অবৈধ খেল বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷