♦ সোণোৱাল চৰকাৰৰ শূন্য সহনশীলতাৰ শূন্যতা!!

মৰিয়নীঃ মৰিয়নী নগৰৰ বিভিন্ন সুলভ মূল্যৰ একাংশ অসাধু দোকানীয়ে অধিক লাভাৰ বাবে কিছুমান চৰকাৰে দিয়া চাউল, চেনি, আটা, কেৰাচিন ক'লা বজাৰত বিক্ৰী কৰি আছে৷

দৰিদ্ৰ ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা চাউল, চেনি, আটা, কেৰাচিনৰ দৰে বস্তু বিক্ৰী কৰি দুখীয়াৰ প্ৰাপ্যখিনি কাঢ়ি লোৱা হৈছে৷

মৰিয়নী নগৰৰ ১ নং ৱাৰ্ড জয়মতী নগৰৰ নিৱাসী সদেচ সৰকাৰ নামৰ দালাল এজনে নিশাৰ সুযোগ লৈ মৰিয়নীৰ বিভিন্ন সূলভ মূল্যৰ দোকানসমূহৰপৰা কেৰাচিন ক্ৰয় কৰি মৰিয়নী ২ নং ৱাৰ্ড কছাইপতী অঞ্চলত থকা গুদাম আৰু নিজা বাসগৃহত এই সামগ্ৰীসমূহ লুকুৱাই ৰাখে৷

AS 03 P 6147 নম্বৰৰ মটৰচাইকেলত উঠি লোকজনে এনেদৰে অবৈধভাৱে কাম কৰি ফুৰে বুলি ছাত্ৰ সংগঠন তথা স্থানীয় ৰাইজে অভিযোগ কৰে৷

নগৰখনৰ একাংশ খুচুৰা দোকানীৰ উপৰিও নগাপাহাৰলৈ চোৰাংভাৱে নিতৌ এনেধৰণৰ বস্তু সৰবৰাহ কৰি আছে বুলি জানিব পৰা গৈছে৷

কেৱল সেয়া নহয়, লোকজনে সুলভ মূল্যৰ দোকানীৰ লগত মিতিৰালি কৰি দৰিদ্ৰ লোকৰ নামত আৱণ্টিত কাৰ্ডসমূহ আত্মহাত কৰি ৰখাৰ বাবে সদেচক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷

কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত সদেচক আৰক্ষীয়ে মুকলি কৰি দিয়ে৷ এনেধৰণৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ কেৱল চুৰি কাৰ্য নহয়, দৰিদ্ৰ লোকৰ প্ৰাপ্যৰপৰা বঞ্চিত কৰি আহিছে সদেচৰ দৰে লোকসকলে৷ এতিয়া এনে ক্ষেত্ৰত চৰকাৰ নতুবা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে।