মৰিয়নীঃ শুকুৰবাৰে পুৱা মৰিয়নী জংচনত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে ৰে'ল বিভাগে মৰিয়নী জংচনত যাত্ৰীৰ বাবে আৰক্ষণ কেন্দ্ৰটো হঠাৎ কোনো কাৰণ অৱগত নকৰাকৈ বন্ধ কৰি দিয়াত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷

১২৯ বছৰ পুৰণি এই জংচনটোত পূৰ্বে তিনিটাকৈ আৰক্ষণ কেন্দ্ৰ আছিল যদিও ক্ৰমাৎ তাৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে৷ এই জংচনটো উজনি অসমৰ এটা উল্লেখযোগ্য জংচন হোৱাৰ উপৰিও নগাপাহাৰৰ লোকসকলৰ বাবে ডিমাপুৰ জংচনৰ পাছতে মৰিয়নী জংচনটো৷ তেনে অৱস্থাত ৰে'ল বিভাগৰ এই হঠকাৰী সিদ্ধান্তই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷

এজন লোকে আজি পুৱা ৩ বজাৰপৰা টিকটৰ বাবে অপেক্ষা কৰি থাকোতে আৰু কক্ষটোৰ কাম-কাজ সময়ত আৰম্ভ নোহাৱাত তেওঁ এই বিষয়ে প্ৰশ্ন কৰাত ৰে'ল বিভাগৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত হয়। ইয়াৰ পাছতে তেওঁ অৱস্থান ধৰ্মঘটত বহে৷ অৱশেষত ৰে'ল বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ আদেশত ১২ ঘণ্টা পাছত পুনৰ যাত্ৰীৰ বাবে মুকলি কৰি দিয়ে৷