
মৰিয়নীঃ মৰিয়নীত কেইজনমান সমাজ সচেতন ই-ৰিস্কা চালকৰ তৎপৰতা এগৰাকী মানসিকভাৱে বাধাগ্ৰস্তত ৪০ উৰ্ধৰ মহিলাৰ প্ৰাণ ৰক্ষা পৰে৷
দেওবাৰে প্ৰায় একসপ্তাহমানৰপৰা মৰিয়নী জংচনৰ সন্মুখত এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত মহিলা পৰি থকা প্ৰত্যক্ষ কৰে একাংশ ই-ৰিস্কা চালকে৷ তেওঁলোকে নিজৰ সামৰ্থ অনুযায়ী মহিলাগৰাকীক সহায় কৰিছিল খাদ্য আৰু কাপোৰ দি৷
শেষত তেওঁলোক উপায়ন্তৰ হৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ফোনযোগে অৱগত কৰে মহিলাগৰাকীৰ বিষয়ে৷ বিধায়কগৰাকীয়ে মৰিয়নী আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল দত্তক তাৎক্ষণিকভাৱে মহিলাগৰাকীৰ বিষয়ে জনায়। লগতে ই-ৰিস্কা চালকসকলেও আৰক্ষীৰ লগত যোগাযোগ কৰে৷
আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে মহিলাগৰাকীক উদ্ধাৰ কৰি মৰিয়নী চিকিৎসালয়ত প্ৰথমিক চিকিৎসা কৰি যোৰহাটৰ সখী নামৰ বেচৰকাৰী সংন্থালৈ লৈ যায় আৰু তাৰপৰা উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷
শেহতীয়াকৈ জানিব পৰা গৈছে যে মহিলাগৰাকীৰ নাম মায়া দাস (৪৫) আৰু তেওঁৰ ঘৰ কাটাকাল (শিলচৰ)ত৷