
মৃদু কাশ্যপ, মৰিগাঁওঃ কেন্দ্ৰীয় চৰকাৰৰ 'আচ্ছে দিন’ আৰু ৰাজ্য চৰকাৰৰ 'পৰিৱৰ্তন’ৰ শ্ল’গানক কাৰ্যতঃ ভেঙুচালি কৰি মৰিগাঁও জিলাৰ কাণফলাত বিশেষভাৱে সক্ষম স্নাতক ডিগ্ৰীধাৰী যুৱক এজনে অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভোগী আত্মহত্যা কৰে। এই ঘটনাৰ পাছত উদ্ধাৰ হোৱা আত্মহত্যাৰ টোকা আৰু চৰকাৰী সাহায্য প্ৰদানত হোৱা দুৰ্নীতি-অনিয়ম সন্দৰ্ভত উত্থাপিত কেতবোৰ অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কাণফলা নিবাসী মৃদুল কলিতা (২৯) নামৰ বিশেষভাৱে সক্ষম যুৱকজনৰ মৃতদেহ দেওবাৰে নিশা নিজ বাসগৃহৰ পিছফালে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। পৰিস্থিতিগত সাক্ষ্যৰপৰা এয়া এক আত্মহত্যাৰ ঘটনা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে।
পৰৱৰ্তী সময়ত মৃদুল কলিতাৰ পৰিয়ালৰ লোকে এটি আত্মহত্যাৰ টোকা উদ্ধাৰ কৰাত আন কেতবোৰ কথাৰ লগতে 'মই নিজকে ধিক্কাৰ দিছোঁ যে মোৰ দৰে মানুহ এজন থাকিনো কি লাভ হ’ব। মোৰ হাত এখন ভগা, লগতে চাকৰি এটাও নাপালোঁ। পাছলৈ কি কৰি চলিম? সেয়েহে মোৰ কাৰো ওপৰত অকনো আক্ষেপ নাই। গতিকে মই আজি এই পথ বাছি ল’লোঁ’ বুলি উল্লেখ থকা এই আত্মহত্যাৰ টোকাটোৰ কথা প্ৰচাৰ হোৱাৰ পাছত দিব্যাংগ লোকৰ সাহায্য প্ৰদানৰ ক্ষেত্ৰত হৈ অহা ব্যাপক অনিয়ম সন্দৰ্ভত কেতবোৰ অভিযোগ উত্থাপিত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে দিব্যাংগ লোকৰ বাবে ব্যাপক আঁচনি গ্ৰহণ কৰা সময়তে এনেদৰে এজন মেধাৱী দিব্যাংগ লোকে অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভোগী আত্মহত্যৰ পথ বাছি লোৱাৰ ঘটনাই চৰকাৰে ঘোষণা কৰা উক্ত বিজ্ঞাপনসমূহৰ ফোপোলা স্বৰূপটো প্ৰকাশ কৰা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। ইফালে ছাত্ৰ-ছাত্ৰীক টিউচন কৰি অৰ্থোপাৰ্জনেৰে দৰিদ্ৰ ঘৰখন পৰিচালনা কৰাত অন্যতম ভূমিকা লোৱা যুৱকজনৰ মৃত্যুৰ পাছত তেওঁৰ ঘৰখনৰ প্ৰতিও অমানিশা নামি আহিছে।
অভিযোগ মতে দিব্যাংগ লোকৰ আঁচনিসমূহৰ হিতাধিকাৰীৰ তালিকাৰপৰা কেইবছৰমান পূৰ্বে মৃদুল কলিতাৰ নামটো ৰহস্যজনকভাৱে কৰ্তন কৰা হয়। শেহতীয়াকৈ মৃদুলৰ আত্মহত্যাৰ ঘটনাৰ পাছত উক্ত বিষয়ক লৈ ব্যাপক চৰ্চা হোৱাৰ এক পৰিৱেশ পুনৰ আহি পৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মৃদুলৰ পৰিয়ালে এটা 'চক্ৰ’ক সন্তুষ্ট কৰিব নোৱাৰা বাবে এনেদৰে হিতাধিকাৰীৰ তালিকাৰপৰা মৃদুলৰ নাম কৰ্তন কৰা বুলি চৰ্চা চলিছে।
চৰকাৰক সমালোচনা বিভিন্ন দল সংগঠনৰ: মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলন আৰু কলিতা সেনাই এক বিবৃতিত মৃদুলৰ মৃত্যু কেৱল এটি আত্মহত্যাৰ ঘটনা নহয়, এই ঘটনা ব্যৱস্থাটোৰ পয়া লগা স্বৰূপৰ এটি চানেকি বুলি মন্তব্য কৰি মৃদুলৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ বাবে দাবী তুলিছে। ইফালে সংগঠন দুটাৰ এটি প্ৰতিনিধি দল মৃতকৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ইয়াৰ ওপৰিও বিভিন্ন দল সংগঠনে মৃত্যুৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।