মৰিগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে উত্তাল হৈ পৰিল মৰিগাঁও নগৰ। মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদে মৰিগাঁও বিহুতলীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কায্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে মৰিগাঁও জিলা অগপই উলিয়াই এক প্ৰতিবাদী সমদল। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দুই দল সংগঠনে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি মৰিগাঁও নগৰ এক উত্তাল কৰি তুলে।

মৰিগাঁও নগৰৰ বিহুতলীত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন চন্দ্ৰ বৰদলৈ আৰু সম্পাদক খগেন মহন্তৰ নেতৃত্ব গ্ৰহণ কৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত জিলা ছাত্ৰ সন্থা, সাংবাদিক সংস্থা, উন্নতি সভা, যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অগপ আদি কৰি বহু কেইটা দল সংগঠনে সহযোগ কৰে। ইফালে, মৰিগাঁও জিলা অগপৰ সভাপতি বুবুল দাস আৰু সম্পাদক শান্তনু শৰ্মাৰ নেতৃত্বত চাৰি শতাধিক প্ৰতিবাদকাৰীয়ে মৰিগাঁও নগৰৰ মাজেৰে সমদল কৰি চৰকাৰ বিৰোধি শ্ল'গানে মৰিগাঁও নগৰ মুখৰিত কৰি তুলে। 

জিলা অগপৰ কাৰ্যালয় পৰা মৰিগাঁও নগৰৰ মূল পথসমূহৰ মাজেৰে এক ঘন্টা ধৰি গ্ৰহণ কৰা এই প্ৰতিবাদী সমদলে মৰিগাঁও নগৰত বহু সময় ধৰি সৃষ্টি কৰে ব্যাপক যানযঁটৰ। জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সংখ্যালঘু ছাত্ৰ সন্থা আদিকে ধৰি বহু কেইটা সংগঠনে সহযোগ কৰা প্ৰতিবাদী সমদলত জিলা অগপৰ নেতা বীৰেশ্বৰ মেধী, বাণী দাস, খালিছ উদ্দিন আহমেদ, দিলীপ দাস আদি কৰি বহু কেইজন নেতাই অংশ গ্ৰহণ কৰে। 

ইয়াৰ পিছতে জিলা অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা। জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাপতি ললিত চন্দ্ৰ পাচনি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বদন শৰ্মা আদি কৰি বহু কেইজন বক্তাই চৰকাৰক ধিক্কা প্ৰদান কৰি জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কোনো কাৰনতে আপোচ কৰা নহব বুলি হুংকাৰ দিয়ে৷ এই আইন যদি চৰকাৰে ৰাইজৰ মতামতক উপেক্ষা কৰি গৃহীত কৰে তেতিয়া হ’লে পৰিৱেশ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলি বক্তা সকলে মন্তব্য কৰে।