
জিতুমনি নাথ, মৰিগাঁওঃ মধ্য অসমৰ তিৱা জনগোষ্ঠীয় দুই নেতা বৰ্তমানৰ মৰিগাঁও বিধায়ক তথা পূৰ্বৰ তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰী আৰু বৰ্তমানৰ তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাৰ মাজত চলি থকা ক্ষমতাকেন্দ্রিক যুঁজখন গৈ বৰ্তমানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰ পোৱা ঘটনাই তীব্ৰ আলোড়ন সৃষ্টি কৰিছে তিৱা পৰিষদৰ এলেকাসমূহত।
বিজেপি নেতা পৱন মান্তা আৰু বিজেপি মিত্ৰ দল জাতীয় ঐক্য মঞ্চৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মাজত চলি থকা যুঁজখনে আকৰ্ষণীয় ৰূপ লাভ কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিৱা স্বায়ত্ত্ব পৰিষদত দিয়া তদন্তৰ নিৰ্দেশে সৃষ্টি কৰিছে ব্যাপক জোকাৰণিৰ।
কিয়নো তিৱা জাতীয় সংগঠনসমূহে তিৱা স্বায়ত্ত্ব পৰিষদত সংঘটিত অনিয়ম তথা দুৰ্নীতিৰ সন্দৰ্ভত ২০১২ চনৰপৰা বৰ্তমানলৈ এক নিৰপেক্ষ তদন্ত হ’ব লাগে বুলি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। কিন্তু তিৱা জাতীয় সংগঠনসমুহে উত্থাপন কৰি অহা এই দাবীৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল মাত্ৰ ২০১৬-১৭ বৰ্ষ আৰু ২০১৭-১৮ বৰ্ষৰহে তদন্ত কৰিবলৈ দিয়া ঘটনাই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোক ৰহস্য মাজলৈ ঠেলি দিয়া বুলি চৰ্চা লাভ কৰিছে তিৱা পৰিষদৰ এলেকাত।
উল্লেখ্য যে যোৱা ২৯ মে’ত অসম চৰকাৰে WPT & BC বিভাগৰ যুটীয়া সচিব বিভাষ মোদীক DW/731/Autonomous Council /2019/105 নং নিৰ্দেশ যোগে তিৱা স্বায়ত্ত্ব পৰিষদৰ সকলো কামৰে তদন্ত ঘোষণা কৰাৰ নিদেৰ্শনা জাৰি কৰিছিল৷
সেইমৰ্মে পৰিষদত সকলো কামকাজৰ চেক বুক, লেজাৰ বুক, বেংক পাচবুককে ধৰি বিত্তীয় লেনদেনৰ সকলো নথি ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে৷
বিভাগটোৰ সঞ্চালকে এই নিৰ্দেশ দিছে তিৱা পৰিষদৰ প্ৰধান সচিবক৷ একাউন্ট বিভাগৰ বিষয়াকো সঞ্চালকৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি ২৯ মে’ত জাৰি কৰা জাননীৰ যোগেদি দুদিনৰ ভিতৰত সকলো নথি-পত্ৰ জমা দিয়াৰো নিৰ্দেশ দিছে৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এই পদক্ষেপ লৈছে WPT&BC বিভাগে৷ তিৱা পৰিষদত সংঘটিত বহু কোটি টকীয়া দুৰ্নীতিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীক অভিযোগ দিছিল কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনে।
ইফালে তিৱা স্বায়ত্ত্ব পৰিষদত মুখ্যমন্ত্ৰীয়ে দিয়া তদন্তক আদৰণি জনাইছে তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাই। মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মুখ্যমন্ত্ৰীয়ে দিয়া তদন্ত প্ৰক্ৰিয়াটোক আমি সকলোৱে আদৰণি জনাইছোঁ যদিও এই তদন্ত প্ৰক্ৰিয়াটো ২০১২-১৩ বৰ্ষৰপৰা বৰ্তমানলৈ হ’ব লাগে। কিন্তু তাকে নকৰি ২০১৬-১৭ বৰ্ষৰ পৰাহে তদন্ত কৰিবলৈ নিৰ্দেশনা দিয়া বুলি জনা গৈছে।
এনেধৰণৰ তদন্তই তিৱা স্বায়ত্ত্ব পৰিষদত সংঘটিত কৰা প্ৰকৃত দুৰ্নীতিকাৰীসকল সাৰি যোৱা সম্ভাৱনা আছে। ইতিমধ্যে তিৱা জাতীয় সংগঠনসমূহে ২০১২-১৩ বৰ্ষত তিৱা জাতীয় স্বাভিমান বীৰ জোঙাল বলহুৰ প্ৰতিমুৰ্তি স্থাপন, ২০১৫-১৬ বৰ্ষত সামগ্ৰী যোগানৰ নামত সংঘটিত হোৱা দুৰ্নীতিকে ধৰি বহু কেইটা আচঁনিৰ তদন্ত দাবী জনাই আহিছে তিৱা জাতীয় সংগঠনসমূহে। তিৱা জাতীয় সংগঠনসমূহৰ দাবীৰ প্ৰতি শ্ৰদ্ধা জনাই আমিও তিৱা স্বায়ত্ত্ব পৰিষদত ২০১২ বৰ্ষৰ পৰা বৰ্তমানলৈ এক নিৰপেক্ষ আৰু সঠিক তদন্ত হোৱাটো বিচাৰোঁ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তিৱা জাতীয় সংগঠন আৰু তিৱা ৰাইজৰ প্ৰতি সন্মান জনাই ২০১২ বৰ্ষৰপৰা বৰ্তমানলৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আমি আশাবাদী।
তাৎপৰ্যপূৰ্ণ এই যে বিজেপিৰ মিত্ৰ দলৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ২০১২ চনৰ ২০১৬ চনলৈ তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তিৱা স্বায়ত্ত্ব পৰিষদৰ মোহ এৰিব নোৱাৰা বিধায়ক ৰমাকান্ত দেউৰীৰপৰা তিৱা পৰিষদৰ ক্ষমতা কৰ্তন হৈ বৰ্তমানৰ তিৱা পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তা হাতলৈ অহাৰ পাছৰেপৰা তিৱা পৰিষদত বিৰাজ কৰে অস্থিৰতা। ইতিমধ্যে এই ক্ষমতাশালী দুই তিৱা নেতা যুঁজে চিন্তিত কৰি তুলিছে তিৱা জনসাধাৰণক।