
অভয়াপুৰীঃ শেৱালি আৰু কহুৱাৰ শুভ্ৰ আঁচলত ধৰি ধৰাৰ বুকুলৈ আগমন ঘটিছে শৰতৰ। শৰতৰ আগমন মানেই দুৰ্গোৎসৱৰ লগতে বিভিন্ন পূজা আৰু উৎসৱৰ বতৰ। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ দুদিন বাকী। সেয়ে পূজাৰ বা-বলিছে সমগ্র ৰাজ্যত।
সম্প্ৰতি সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো ইতিমধ্যে দুৰ্গোৎসৱৰ আয়োজক সমিতি সমূহে মা-দুৰ্গাক আদৰিবলৈ বিভিন্ন আলোক সজ্জাৰে আৰু আটকধুনীয়া মণ্ডপেৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে মৃৎভাস্কৰ্য্য শিল্পী সকলৰ৷ অভয়াপুৰীৰ শিৱপুৰৰ মৃৎশিল্পী সকলে পূজাথলীত বহা অস্থায়ী বজাৰ সমূহ আদৰিবলৈ আৰু ক্ৰেতা ৰাইজক আকৰ্ষিত কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে হিন্দু ধৰ্মীয় বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্ত্তিৰ লগতে মাটিৰ আকৰ্ষণীয় সামগ্ৰী প্ৰস্তুত কৰাত।
উল্লেখ্য যে, বিভিন্ন প্ৰতিকূলতাক নেওচি প্ৰচাৰ বিমুখ এই শিল্পী সকলে বছৰটোত গ্ৰাহকৰ উপযোগী হোৱাকৈ দেৱ-দেৱীৰ মূৰ্ত্তি নিৰ্মাণ কৰি পৰিয়ালটো কোনোমতে পোহপাল দিয়াৰ লগতে এই মৃৎ-শিল্পটিক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।