
লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত হাতীৰ উপদ্ৰৱ অব্যাহত আছে৷ জিলা খনৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰ গাঁৱত দেওবাৰে নিশা বনৰীয়া হাতীয়ে কেইবাটাও পৰিয়ালক গৃহহাৰা কৰে৷ কথা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে প্ৰাণ ললে ৫০ বছৰীয়া এগৰাকী মহিলাৰ৷ আনহাতে ভাঙি তচনচ কৰে ৯ টাকৈ পৰিয়ালৰ বাসগৃহ।
হাতীৰ আক্ৰমণত এটি পৰিয়ালৰ এগৰাকী মহিলাৰ মৃত্যু হয় যদিও কথমপি প্ৰাণ ৰক্ষা ৯টাকৈ পৰিয়ালৰ আন আন সদস্যৰ। মাৰ্ঘেৰিটা মহকুমাৰ জাগুন বনবিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত জাগুন আহোম পথাৰ গাঁৱত কথা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকৰ পৰা ফালি কাটি অহা অকলশৰীয়া হাতীয়ে উপদ্ৰৱ চলাই৷ ৰুপা চেতিয়া নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হয়৷
দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে প্ৰথমে আহোম পথাৰ গাঁৱৰ পঞ্চায়ত এলেকাত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ৰুপা চেতিয়াৰ বাৰীত প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ ৰুপা চেতিয়াই পলায়ন কৰিবলৈ চেষ্টা চলােৱাৰ সময়তে হাতীটোৱে অতি নিৰ্মম ভাৱে গছকি প্ৰান লয় ৰুপা চেতিয়াৰ৷ সম্প্ৰতি এলেকাটোত তীব্ৰ আতংকই বিৰাজ কৰিছে৷ ৯টাকৈ বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ লগতে ঘৰৰ বিভিন্ন সা-সামগ্ৰী, আচ-বাব লণ্ড ভণ্ড কৰাৰ ফলত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে।