
মোৰাঝাৰঃ জীৱনত সফল হ’বলৈ হলে সপোন দেখিব লাগে, সেই সপোন বেলেগ বেলেগ হ’ব পাৰে৷ চকু খুলি সপোন দেখিব লাগে৷ কোনোবা হিন্দু, মুছলিম বা খ্ৰীষ্টান কিন্তু প্ৰথমে আমি সকলো মানুহ। কাৰো তেজৰ ৰং বেলেগ নহয় সকলোৰে তেজৰ ৰং ৰঙা, মাত্ৰ এচাম মানুহে আমাক ভাগ ভাগ কৰিব বিচাৰে ‘‘এনেদৰে হোজাই জিলাৰ মোৰাঝাৰৰ বৰবালিত অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ভাষণ প্ৰসংগত কয়৷’’
দেওবাৰে বৰবালি ৰাজহুৱা খেলপথাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে শিক্ষক চিৰাজ উদ্দিনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰবালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালিকে৷ বৰবালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আবুল কালাম, সহকাৰী শিক্ষক মতিউৰ ৰহমান তাফাদাৰ, হিচাম উদ্দিন আহমেদ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল মুছাব্বিৰ লস্কৰক বিদায় সম্বৰ্ধনা জনোৱা হয়৷
লগতে বিদ্যালয়ৰ প্ৰাক্তন প্ৰয়াত শিক্ষক আব্দুৰ চুবুৰক শোকবাৰ্তা প্ৰেৰণ কৰে৷ মুখ্য অতিথি হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকি নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰী উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ তেওঁ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীয়ে চকু মেলি সপোন দেখিব লাগে বুলি কয়, নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগুৱাই যাব লাগে৷ প্ৰত্যেকজন একো একোজন মানুহ হ’ব লাগে, অসৎ উপায় ললে আল্লা বা ভগবানে সহায় নকৰে, এবাৰ দুবাৰ সহায় কৰিব পাৰে পিছলৈ নি:শেষ হৈ যাব বুলি কৈ বহুভেল্কী প্ৰতাপী মন্ত্ৰীক নাম নধৰাকৈ তেওঁ অসৎ উপায়েৰে মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে, ই কেতিয়াও হ’ব নোৱাৰে বুলি কৈ বাঘবৰৰ পিছতে যমুনামুখ সমষ্টিত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ আত্মসন্তুষ্টি পোৱা বুলি কয়৷
লগতে হোজাই কলেজৰ অধ্যাপক আজিজুৰ ৰহমানে নিজৰ ভাষণত বৰবালি গাঁওৰ ইতিবৃত্তৰ চমু আভাস দিয়ে, লগতে এই অঞ্চলৰ লোকৰ ভাষা আৰু জীৱন জীৱিকা সম্পৰ্কে ভাষণ আগবঢ়ায়৷ লগতে বিশিষ্ট সমাজকৰ্মী নেৱাজ আহমেদ, অধ্যাপক হাইদৰ হুচেইনে ভাষণ আগবঢ়ায়৷
অনুষ্ঠানত বিদায় শিক্ষকক মানপত্ৰ, গামোচা আদিৰ সম্বৰ্ধনা জনোৱা হয়৷ ইপিনে পায়নিয়াৰ ক্লাবে বিভিন্ন দিশত সুনাম কঢ়িয়াই অনা ২৯ গৰাকী লোকক বিশেষ বাবে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, মাচুদ আহমেদ, আজিজুল হক, শ্বৰিফ মহচিন, স্বেবিকা চুলতানা, চেলিম উদ্দিন, আনোৱাৰ হুছেইন, স্বাহেনাজ বেগম, আব্দুল মতিন চৌধুৰী, ৰত্না বেগমকে ধৰি ২৯ গৰাকী বিভিন্ন ক্ষেএত সফল প্ৰথম পুৰুষ মহিলাক পৃথক পৃথক মানপত্ৰ, গামোচা আৰু ট্ৰফীৰে সম্বৰ্ধনা জনাই উৎসাহ দিয়ে৷ উল্লেখ্য যে, বিভিন্ন অঞ্চলৰপৰা কেবা শতাধিক শিক্ষক, বিশিষ্ট লোক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷