
মঙলদৈঃ ৰাজ্যত পোৱা যায় ভাৰাতীয়া হত্যাকাৰী৷ দুই লাখ টকা হাতত গুজি দিলে যি কোনো লোকক হত্যা কৰি আহিব ভাৰাতীয়া হত্যাকাৰীয়ে৷ নৰখাদকৰূপী হত্যাকাৰীয়ে মানুহ হত্যা কৰি মৃতদেহ কোনো অজ্ঞাত ঠাইত পেলায় থৈয়ো আহিব৷ সিহঁতক দিব লাগে কেৱল টকা৷
এনে ভাৰাতীয়া হত্যাকাৰীৰে চিকাৰ হৈছিল জাগীৰোডৰ পাল্লিগুৰিৰ দীপক ৰয়৷ জল্লাদৰূপী ভাৰাতীয়া হত্যাকাৰীয়ে দীপকক হত্যা কৰি যোৱা ২১ জুলাইত মঙলদৈৰ মোৱামাৰী চাপৰিৰ নৈৰ পাৰত পেলাই থৈ আহিছিল মৃতদেহ৷
জাগীৰোডৰ দীপক ৰয় নামৰ লোকজনৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত। জাগীৰোডৰ পাল্লিগুৰিৰ দীপক ৰয়ে এটি ঔষধ কোম্পানীৰ পৰিচালক হিচাপে কাম কৰিছিল৷ এই দীপক ৰয়ৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক আছিল কোম্পানীটোৰ স্বত্বাধিকাৰী পৰিতোষ চক্ৰৱৰ্তীৰ৷
পত্নীৰ পৰকীয়া প্ৰেমৰ কথা অৱগত হৈ দীপকে মালিক তথা পৰিতোষৰ সৈতে বহুবাৰ কাজিয়াও কৰিছিল৷ দীপকৰ পত্নীক পাবলৈ পৰিতোষে অৱশেষত দুই লাখ টকাত ভাৰাতীয়া হত্যাকাৰী হিচাপে মঙলদৈৰ পানবাৰী বৰখাতৰ মইনুল হকক ঠিক কৰে। কোনো কামত যোৱা ১৯ জুলাইত দীপক ৰয়ে মঙলদৈলৈ আহে৷
তেতিয়াই হিন্দী কথাছবিৰ কায়দাৰে মইনুল হকে আন চাৰিগৰাকী সহযোগীৰ সৈতে লগলাগি মঙলদৈৰ মোৱামাৰী চাপৰিৰ নৈৰ পাৰত নি হত্যা কৰে দীপকক। ২ লাখ টকাৰ বিনিময়ত ৪০ হাজাৰ টকা আগধন লৈ মইনুলে হত্যা কৰে কৰে দীপকক।
হত্যাকাণ্ডৰ মূল খলনায়ক পৰিতোষ চক্ৰৱৰ্তীৰ দীপক ৰয়ৰ পত্নীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবে দীপক ৰয়ৰ পত্নীৰ সৈতে বহুবাৰ কাজিয়াৰ সূত্ৰপাত হৈছিল৷ অৱশেষত এই পৰকীয়া প্ৰেমৰ বাবেই দীপকক হত্যা ভাৰাতীয়া হত্যাকাৰীৰ হতুৱাই পৃথিৱীৰ পৰা বিদায় দিয়ে পৰিতোষে। ঘটনা সন্দৰ্ভত পৰিতোষ চক্ৰৱৰ্তী, মইনুল হক আৰু মজিবৰ ৰহমানক মঙলদৈ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ জেৰাত দীপক ৰয়ক ডিঙি চেপি হত্যা কৰা বুলি স্বীকাৰ কৰে ভাৰাতীয়া হত্যাকাৰী মইনুলে৷