
লাহোৱালঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, চাউলখোৱা সংগীত মহাবিদ্যালয়ত ডিব্ৰুগড় জিলাৰ আন্তঃমহাবিদ্যালয় শ্ৰেষ্ঠ কণ্ঠশিল্পী সকলৰ মাজত ড০ ভূপেন হাজৰিকা দেৱৰ গীতৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়।
প্ৰতিযোগিতাত বহুকেইখন মহাবিদ্যালয়ৰ তৰফৰ পৰা কণ্ঠশিল্পী সকলে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অনিল গগৈ, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা চিত্তকমল সন্দিকৈ, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিকাশ দাসে পৰিচালনা কৰা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি লিখন বৰুৱাই।
প্ৰথম স্থান অধিকাৰ কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ উপাসনা ফুকন, দ্বিতীয় স্থান অধিকাৰ কৰে টিংখাং মহাবিদ্যালয়ৰ কৃষ্ণা গগৈ আৰু তৃতীয় স্থান অধিকাৰ কৰে নামৰূপ মহাবিদ্যালয়ৰ স্বৰ্ণালী গগৈয়ে। শ্ৰেষ্ঠ প্ৰতিযোগীসকলক প্ৰশংসা পত্ৰ আৰু কিতাপৰ টোপোলা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।
ইয়াৰে প্ৰথম শ্ৰেষ্ঠা কণ্ঠশিল্পী উপাসনা ফুকনক অহা ইং ৮ ছেপ্তেম্বৰত ড০ ভূপেন হাজৰিকা দেৱৰ জন্মদিন উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ' উদ্দীপনা' শীৰ্ষক অনুষ্ঠানত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অংশগ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰা হ'ব।