উত্তৰ শালমাৰাঃ বৃহত্তৰ অভয়াপুৰীৰ নৱপ্ৰজন্মৰ নৃত্যৰ প্ৰতি বাঢ়ি অহা স্পৃহা তথা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্থাপন হল এখনি নৃত্য আৰু যোগ প্ৰশিক্ষণৰ বিদ্যালয়। "এ ইউনিক ডাঞ্চ এণ্ড যোগা একাডেমী" নামেৰে নামকৰণ কৰা শিক্ষা অনুষ্ঠানটো সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ শালমাৰাৰ মহকুমাধিপতি অন্বমুদন এম পিয়ে।

উদ্বোধনীৰ পুৰ্বে মহকুমাধিপতি অন্বমুদন এম পিক সম্বৰ্দ্ধনা জ্ঞাপন কৰে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালিকা ধনশ্ৰী ভাণ্ডাৰ কায়স্থই। ইয়াৰ পূৰ্বে দেৱী সৰস্বতীৰ চৰণত বন্তি প্ৰজ্বলনেৰে মাংগলিক কাৰ্য সমাপন কৰে ৰাজহ চক্ৰ বিষয়া মিতালী লহকৰে।

আনহাতে, শিক্ষানুষ্ঠানটোত নৃত্য প্ৰশিক্ষক হিচাবে যোগদান কৰা গুৱাহাটীৰ প্ৰশিক্ষক হীৰক দাস, গোৱালপাৰাৰ অনুপ চৌধুৰী আৰু যোগগুৰু দিলীপ দাসকো সম্বৰ্ধনা জনোৱা হয়। আনহাতে, একাডেমীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দিয়া ভাষণত শিক্ষানুষ্ঠানখনৰ জৰিয়তে যাতে অঞ্চলটোত নৃত্য আৰু যোগসাধনাৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰে তাৰেই কামনা কৰে মহকুমাধিপতি অন্বমুদন এম পিয়ে।

উল্লেখ্য যে অনুস্থানটোৰ আঁত ধৰে সাংবাদিক তথা পৰিচালন সঞ্চালক সঞ্জীৱ অধিকাৰীয়ে। নৃত্য প্ৰশিক্ষক হীৰক দাস আৰু অনুপ চৌধুৰী তথা ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা কেইবাটাও নৃত্যৰ অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আনহাতে নৃত্যৰ প্ৰতি আগ্ৰহী আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ বিশেষ ব্যৱস্থা থকাৰ কথা ব্যক্ত কৰে পৰিচালন সঞ্চালক মণ্ডলীয়ে।