নাৰায়ণপুৰঃ ৰাজ্য চৰকাৰৰ স্বচ্ছতাই সেৱা শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণৰ উদ্দেশ্যে আজি নাৰায়ণপুৰত উপস্থিত হয় মন্ত্ৰী নৱ দলে। নাৰায়নপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ অধীনৰ কেবাখনো আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাইও সংগ দিয়ে মন্ত্ৰী গৰাকীক। 

ৰাজ্য চৰকাৰে ১৮ দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে এই কাৰ্যসুচীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ সঠিক ৰূপায়নত চৰকাৰ বদ্ধপৰিকৰ বুলি কোৱাৰ লগতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰি বৰ্তমানো সম্পূৰ্ণ নোহোৱা মাধৱদেৱ কলাক্ষেত্ৰ খন অতি সোনকালে সম্পূৰ্ণ কৰি তোলাৰ কথা ঘোষণা কৰে।

আনহাতে মন্ত্ৰী সভা সম্প্ৰসাৰণ সম্পৰ্কত প্ৰশ্ন কৰাত এইয়া মুখ্যমন্ত্ৰীৰ কৰ্তৃত্বৰ ভিতৰত বুলি প্ৰকাশ কৰাৰ লগতে তেওঁৰ মন্ত্ৰীত্বৰ প্ৰসংগতো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে দলৰ কাম কৰিবলৈ পালেও কোনো খেদ নাই বুলি ব্যক্ত কৰে।