♦ দোকান-পোহাৰত গ্ৰাহকৰ ব্যাপক ভিৰ

নগাঁওঃ পুৰণিক বিদায় আৰু নতুনক আদৰণি জনোৱাৰ নিমিত্তে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো দেওবাৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷
জিলাখনৰ প্ৰান্তে প্ৰান্তে বজাৰ-সমাৰ, দোকান-পোহাৰ আদিত ৰাইজৰ সমাগমেৰে মাঘ বিহুৰ উৰুকাৰ দৰে এটি ব্যস্ততামুখৰ পৰিৱেশ সৃষ্টি হোৱা দেখা যায়৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দৰেও যেন গ্ৰাহকক হতাশ কৰিব পৰা নাই৷ কাৰণ আবেলিৰপৰা মাছ-মাংস, শাক-পাচলি বা মিঠাইৰ দোকানৰপৰা আৰম্ভ কৰি আন আন দোকানলৈকে গ্ৰাহকৰ হেতা-ওপৰা লগা দৃশ্যই তাকেই প্ৰমাণিত কৰিছে৷
কেউফালে কেৱল আনন্দ-উলাহৰ প্ৰতিচ্ছবি ৷ উল্লেখ্য, জাতীয় উৎসৱ নতুবা বিভিন্ন জাতীয় অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা জিলাখনৰ একাংশই 'থাৰ্টী ফাৰ্ষ্ট'ৰ নামত নামত বন্ধু-বান্ধৱৰ লগত হৰ্ষ-উল্লাসেৰে 'পাৰ্টী' কৰিবলৈ হ’লে পাহৰা নাই ৷
পুৰণি বৰ্ষক বিদায় জনোৱাৰ নামতেই এচাম চেমনীয়া যুৱকে চাৰিআলি-তিনিআলি,ক্লাবঘৰ,মুকলি পথাৰ আদিত উচ্চস্বৰত মাইক বজাই পৃথকে পৃথকে নাচি-বাগি ভোজ-ভাত খাই ৰং-তামাচাত নিজকে উটুৱাই দিছে৷
আনকি এনে আনন্দ-উছাহৰপৰা ঠায়ে ঠায়ে আঁতৰি থকা নাই অত্যুৎসাহী যুৱতী বা বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাসকলো৷
তদুপৰি বিত্তশালী কোনো কোনোয়ে আকৌ আজিৰ সন্ধ্যাটো পৰিয়ালৰ সৈতে স্ফূৰ্তি-তামাচাৰে কটোৱাৰ উদ্দেশ্যে ঢাপলি মেলিছে ৰেষ্টুৰা,ধাবা কিম্বা বিলাসী হোটেললৈ ৷ ইফালে, আজিৰ অত্যাধুনিক তথ্য প্ৰযুক্তিৰ যুগত নৱ বৰ্ষৰ শুভেচ্ছা জনোৱাৰ বাবে 'গ্ৰীটিংছ কাৰ্ড' ক এৰি নৱ প্ৰজন্মই ম’বাইলৰ জৰিয়তে 'মেচেজিং' পদ্ধতিৰ যি পৰম্পৰা গঢ়ি তুলিছে তাৰ ব্যতিক্ৰম নহ’ল নগঞা যুৱক-যুৱতীৰ ক্ষেত্ৰতো৷
কাজেই,ম’বাইলৰ ৰিছাৰ্জ বিচাৰি এইসকলে ভিৰ কৰে সংশ্লিষ্ট ব্যৱসায় প্ৰতিষ্ঠানত৷