
কামপুৰঃ ক’ৰবাত যদি ৰাস্তা নোহোৱাৰ বাবে ৰোগীক ঠেলাগাড়ীত নিব লগা হৈছে, ক’ৰবাত আকৌ হস্পিতালৰপৰা ভাতৃৰ মৃতদেহ কঢ়িয়াইছে চাইকেলত৷ ৰাজ্যখনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অগপ-বিজেপি-বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ শাসন আৰম্ভ হোৱাৰ পিছত ৰাজ্যখনক শিক্ষাৰপৰা আৰম্ভ কৰি স্বাস্থ্যসেৱাত লক্ষ্যনীয় পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰখনৰ এবছৰ পাৰ হোৱাৰ পিছতো কাৰ্যতঃ যেন এক বিপৰীত প্ৰতিচ্ছবি ফুটি উঠিছে ৰাজ্যখনত৷
বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত সাধাৰণ জনতাই ন্যুনতম প্ৰাপ্যখিনিৰ বাবেও ৰাজপথলৈ ওলাই আহিবলগা হোৱাৰ সময়তে নিতৌ সৰ্বসাধাৰণৰ পুতৌলগা অৱস্থাই বিকাশৰ এক অইন ৰূপহে দাঙি ধৰিছে৷ ইয়াৰে প্ৰতিফলন ঘটিছে শেহতীয়া এক ঘটনাত৷
মুখ্যমন্ত্ৰীৰ সমষ্টিত এম্বুলেন্সৰ অভাৱত চাইকেলেৰে হস্পিতালৰপৰা মৃতদেহ কঢ়িয়াই নিয়াৰ ঘটনাই সমগ্ৰ দেশৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাতৰি মাৰ নৌযাওতেই এইবাৰ নগাঁও জিলাত দেখা গ'ল আন এক হৃদয় বিদাৰক দৃশ্য।
অন্তসত্বা মহিলা কঢ়িয়াই নিয়া এম্বুলেন্স এখন আবদ্ধ হৈ ৰ’ল ভগা দলঙত৷ নগাঁও জিলাৰ কামপুৰ তেতেলিসৰা গ্ৰাণ্টত ১০৮ এম্বুলেন্সখন জৰাজীৰ্ণ দলংখনৰ ওপৰেৰে মহিলাগৰাকীক লৈ গৈ থকা সময়তে বিকল হৈ পৰে৷
বহু সময় পিছত এখন ১০২ বাহনেৰে আহি ৰছি লগাই টানি নি ১০৮ খন দলঙৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পিছত ১০২ এম্বুলেন্সতখনত প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হয়।