নগাঁওঃ অসমীয়া কাব্য সাহিত্যত একাত্মভাৱে নিমগ্ন থাকি কাব্য চৰ্চাৰে উজ্বলি উঠাৰ লগতে কাব্য জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ স্বীকৃতি স্বৰূপে সদৌ অসম সাহিত্য সন্মিলনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট কবিলৈ আগবঢ়াইছে অসম কবিতা মহোৎসৱ বিশেষ সন্মান৷ 

ইয়াৰ অংশহিচাপে নগঞা বিশিষ্ট কবি তথা লেখক অনিল চন্দ্ৰ নাথলৈও নগাঁও জিলাৰ একমাত্ৰ প্ৰতিনিধি হিচাপে আগবঢ়োৱা হৈছে এই বিশেষ সন্মান৷ যোৱা ১৪ আৰু ১৫ ডিচেম্বৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত আৰু প্ৰতিশ্ৰুতি প্ৰকাশনৰ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আয়োজিত দ্বিতীয় বাৰ্ষিক অসম কবিতা মহোৎসৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগঞা কবিগৰাকীক আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হয়৷ 

উল্লেখ্য যে, এগৰাকী কবি, লেখক, অভিনেতা, চিত্ৰশিল্পী, যোগ প্ৰশিক্ষক হিচাপে সুপৰিচিত অনিল চন্দ্ৰ নাথ পেছাত এগৰাকী শিক্ষক৷ কাব্য তথা সাহিত্য চৰ্চাক অন্তঃকৰণেৰে ভালপোৱা নাথে দীৰ্ঘদিনৰেপৰা নিৰৱচ্ছিন্নভাৱে কাব্য আৰু সাহিত্য চৰ্চাত মনোনিৱেশ কৰি আহিছে৷ 

ইতিমধ্যে, তেওঁৰ বহুসংখ্যক কবিতা, গল্প, প্ৰবন্ধ তথা তত্বগধূৰ লেখা বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱাৰ লগতে তেওঁ কেইবাখনো গ্ৰন্থও লিখি উলিয়াইছে৷ ইয়াৰ বিপৰীতে তেওঁ নিজৰ সামাজিক কৰ্মৰাজিৰ স্বীকৃতি হিচাপে ডাঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা, ভগৱান বুদ্ধ ফেল’শ্বিপ ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় যোগা গৌৰৱ বঁটা, অসম সাহিত্য সন্মিলনৰ দ্বাৰা বিশেষ সাহিত্য বঁটা, জিলা কৃৰ্তী শিক্ষকৰ বঁটাকে ধৰি কেইবাবাৰো জিলা আৰু ৰাজ্যিক পৰ্যায়ত যোগা চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷