নগাঁওঃ জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰীৰ দিনতেই সংঘটিত হৈছে চৰকাৰী ভূমি বেদখলৰ ঘটনা৷ এইবাৰ এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত টুকটুকীত৷

জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী ভূমি নিশাৰ ভিতৰতে বেদখল কৰিছে একাংশ লোকে। চৰকাৰী ভূমি বেদখল কৰাটো আইন বিৰোধী যদিও টুকটুকীৰ কটহগুৰিত যেন চৰকাৰী ভূমি বেদখলত এচাম দুষ্ট চক্রই প্ৰতিযোগিতাত হে নামিছে।

স্থানীয় সচেতন ৰাইজে প্ৰশাসনক দিয়া লিখিত অভিযোগত প্ৰকাশ যে, কটহগুৰি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভূমিত বিগত কিছু বছৰৰ পূৰ্বে টুকটুকী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আমিনুল ইছলামে চৰকাৰে আৱণ্টিন দিয়া ধনৰে নটাকৈ দোকান গৃহ নিৰ্মাণ কৰিছিল৷ কিন্তু আশ্চৰ্যজনকভাবে যোৱা ১৩ মাৰ্চত এচাম একাংশ লোকক লগত লৈ আমিনুল ইছলামে বজাৰ গৃহ নিজৰ বুলি দাবী কৰি দখল কৰে৷

পিছত এই ঘটনা সমগ্ৰ অঞ্চলজুৰি বন জুইৰ দৰে বিয়পি পৰাত আন এচাম সুবিধাবাদী লোকে নিশাৰ ভিতৰতে স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ আন অংশত দোকান গৃহ নিৰ্মাণৰ বাবে ভূমি বেদখল কৰাৰ বাবে সাজু হয়৷ এনে ঘটনাত স্তম্ভিত হৈ পৰা স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে বেদখলমুক্ত কৰিবৰ বাবে ইতিমধ্যে আহোম গাঁও আৰক্ষী পহৰা চকীত বেদখল সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

বৰ্তমানেও আৰক্ষী তথা জিলা প্ৰশাসনে বেদখলকাৰীৰ পৰা স্বাস্থ্য কেন্দ্ৰৰ ভূমি মুক্ত কৰাৰ বাবে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহন কৰা নাই। স্থানীয় ৰাইজে শীঘ্ৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে জিলা উপায়ুক্তক দাবী জনায়৷