26
Dec
2018

নগাঁওঃ নগাঁও চহৰৰ ভূঞাপট্টি এ আৰ বি ৰোডস্থিত স্বেচ্ছাসেৱী সংগঠন নগাঁও মৰ্ডান য়ুথ ক্লাবৰ উদ্যোগত বুধবাৰে এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।
পুৱা ১১ বজাৰপৰা ভূঞাপট্টি কবৰস্থানৰ সমীপত অনুষ্ঠিত এই ৰক্তদান শিবিৰত প্ৰায় অৰ্ধ শতাধিক লোকে ৰক্তদান কৰে।
সমাজকৰ্মী ৰমেশ বৰদলৈয়ে শুভ উদ্বোধন কৰা এই ৰক্তদান শিবিৰত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱায়েও অংশগ্ৰহণ কৰে।
নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ আয়েশা চিদ্দিকৰ নেতৃত্বত যোৱা স্বাস্থ্য বিভাগৰ দলটোত ৰিংকু দত্ত, এছ ইছলাম আৰু কমৰুল হাওৱি আদিয়ে এই ৰক্তদান শিবিৰটো সুকলমে পৰিচালনা কৰে।
ৰক্তদানৰ দৰে এই মহৎ কামত সহযোগিতা আগবঢ়োৱাৰ বাবে নগাঁও মৰ্ডান য়ুথ ক্লাবৰ সভাপতি মিৰাজুল ইছলাম আৰু সম্পাদক চৰিফুল হকে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে।