30
May
2019

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁৱত জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ বৃহস্পতিবাৰে উন্মোচন কৰা হয়। নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিকগৰাকীৰ প্ৰবন্ধ সংকলন 'আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা', গল্প সংকলন 'মহাসমৰ' আৰু উপন্যাস 'নিসংগ নায়ক' উন্মোচন কৰা হয়।
নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থ তিনিখনি উন্মোচন কৰে ক্ৰমে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, শিল্পী অৰূপ মান্না, সাহিত্যিক ডঃ খৰ্গেশ্বৰ ভূঞাই। সাহিত্য সমালোচক উপেন্দ্ৰ বৰকটকীয়ে উদ্ধোধন কৰা এই গ্ৰন্থ উন্মোচনী সভাখনত বহু কেইগৰাকী নগঞা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।