নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ এলেকাধীন বৰক’লাৰ হাৰিয়া নৈৰ দলঙৰ তলত এটা অচিনাকী মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় কেইজনমান লোকে দক্ষিণপাট-বৰক’লা-কামপুৰ সংযোগী গড়কাপ্তানী পথৰ বৰক’লা মায়া বজাৰৰ সমীপত হাৰিয়া নৈৰ দলঙৰ তলত মৃহদেহটো প্ৰত্যক্ষ কৰা হয়৷ 

নিমিষতে অঞ্চলটোত হুৱা-দুৱা লাগে আৰু স্থানীয় ৰাইজে বেবেজীয়া আৰক্ষীক খবৰ দিয়ে৷ লগে লগে বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন সন্দিকৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো৷

অচিনাক্ত মৃতদেহটো হাৰিয়া নৈৰে উটি আহি দলঙৰ তলত লাগি ধৰা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷ দেহৰ বৰণ মাগুৰ বৰণীয়া পাঁচ ফুট তিনি ইঞ্চি উচ্চতাৰ নীলা চোলা আৰু ক’লা লং পেন্ট পৰিধান কৰি থকা আনুমানিক ২৫ বছৰীয়া যুৱকৰ এই মৃতদেহটো বৰ্তমানলৈ কোনো পৰিচয় নোলোৱাত চিকিৎসালয়ৰ মৰ্গতে ৰখা হৈছে বুলি জানিব পৰা গৈছে৷