
মৰিগাঁওঃ নগাওঁ চহৰত প্ৰাক্তন আলফাৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ খলনায়ক ৰাজু দাস সন্দৰ্ভত মৰিগাঁৱত শেহতীয়াকৈ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, এই বিতৰ্কিত ৰাজু দাসৰ পৰিয়ালে এসময়ত মৰিগাওঁ জিলাৰ ঝাৰগাঁৱত বসবাস কৰিছিল।
একাংশ স্থানীয় লোকে প্ৰকাশ কৰা মতে, ৯০ চন মানত এইজন ৰাজু দাসে ঝাৰগাওঁ চাৰিআলিৰ মনো দাসৰ মাটি ভাড়াত লৈ ওৱেলডিংৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰে। শনি দাসৰ পুত্ৰ ৰাজু দাসে সেই দোকানখনতে পাৱাৰ টিলাৰকে ধৰি বিভিন্ন কৃষকৰ সামগ্ৰীৰ দুই নম্বৰী ব্যৱসায় চলাইছিল।
এদিন হঠাতে এই বিতৰ্কিত লোকজন অন্তৰ্ধান হয় বুলি এইসকল লোকে জানিবলৈ দিয়াৰ লগতে ধুৰন্ধৰ দাসে বেংকৰ পৰা লোৱা ঋণৰ বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিবলৈ বাকী থকা বুলি জানিবলৈ দিছে। ইফালে দাসৰ নাগৰিকত্বও সন্দেহজনক বুলি এক সূত্ৰই আশংকা কৰিছে। সুদীৰ্ঘ ২৭ বছৰৰ মূৰত টিভিত ৰাজু দাসক দেখি মৰিগাঁৱৰ ঝাৰগাঁওবাসী ক্ষুব্ধ হৈ পৰে।
আনহাতে দাসৰ শেহতীয়া কু-কীৰ্তিৰ কথা জানিব পাৰি এইসকল লোক ক্ষোভিত হৈ পৰাৰ লগতে জিলাখনৰ বিভিন্ন মহলে ৰাজু দাসৰ লগতে খিলঞ্জীয়াক আক্ৰমণ কৰা উক্ত ঘটনাত জড়িত আটাইকেইজন লোকক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে।