
নগাঁওঃ চৰকাৰে গ্ৰাম্য অঞ্চলৰ কৃষকৰ উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা অভিলাষী আঁচনিয়ে নগাঁও জিলাৰ পশ্চিমাঞ্চলত এক প্ৰকাৰ ভেঁকো ভাওনাত পৰিণত হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ জিলাখনৰ হাতীচোং, কাছমাৰী আৰু শিলপুখুৰী মৌজাত হাজাৰ হাজাৰ দৰিদ্ৰ কৃষকে কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰা শস্যৰ বীজ, সাৰ, কীটনাশককে ধৰি খেতিৰ বিভিন্ন সজুলি লাভৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
ইয়াৰ বিপৰীতে যিসকল কৃষকে কোনোমতে চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ নামত যোগান ধৰা বীজ পাবলৈ সক্ষম হৈছে সেয়াও সামন্য পৰিমাণৰ হোৱাৰ লগতে ইয়াৰ মান অতি নিম্ন মানদণ্ডৰ বুলি কয় কৃষক ৰাইজে৷ কৃষি বিভাগে বিতৰণ কৰা স্প্ৰে’ মেচিন, বিদ্যুৎ চালিত মটৰ আদি প্ৰকৃত কৃষকসকলৰ হাতত নপৰে৷
একাংশ মধ্যভোগীয়ে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে কৌশলেৰে কোনোধৰণৰ কাগজ-পত্ৰ নোহোৱাকৈ তিনি-চাৰিটাকৈ এনে মেচিন নিজৰ নামত অনুমোদন কৰাই আনি পিছত সেইবোৰ তিনিৰ পৰা পাঁচ হাজাৰ টকাত বিক্ৰী কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে৷ তদুপৰি কোনো কোনো ক্ষেত্ৰত সময় পাৰ হৈ যোৱাৰ পিছতহে বীজ যোগান ধৰাৰ অভিযোগো উত্থাপন কৰে ৰাইজে৷
জিলাখনৰ উক্ত গ্ৰাম্য অঞ্চলৰ কৃষকে বৰ্তমানৰ অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ যুগতো আওপুৰণি পদ্ধতিৰে ধান আৰু ৰবি শস্যৰ খেতি কৰিবলগীয়া হোৱাত আশানুৰূপ শস্য উৎপাদন কৰিব পৰা নাই৷ কৃষকসকলে বহু কষ্টৰে উৎপাদন কৰা শস্যবোৰ উপযুক্ত বজাৰ নথকাৰ হেতু উচিত মূল্য নাপাই প্ৰায়েই লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷
আনহাতে, গ্ৰামসেৱকসকলে নিয়মীত গ্ৰামাঞ্চলবোৰলৈ গৈ কৃষকক দিহা-পৰামৰ্শ দিব লাগে যদিও মৌজা কেইটাই গ্ৰাম্য অঞ্চলত গ্ৰামসেৱকক দেখিবলৈ পোৱা নাযায়৷ কিছু অঞ্চলত গ্ৰামসেৱকসকলে কৃষকৰ লগত বহুদিন ধৰি সম্পৰ্ক নৰখাৰ বাবেই অধিকাংশ কৃষকে আকৌ গ্ৰামসেৱকক চিনিয়েই নাপায়৷
আন এক অভিযোগ মতে, জিলা কৃষি বিভাগে বিভিন্ন গ্ৰাম্য অঞ্চলত নিয়োজিত হৈ থকা গ্ৰামসেৱকসকলৰ জৰিয়তে স্প্ৰে’ মেচিন, বিদ্যুৎ চালিত মটৰকে ধৰি অন্যান্য সামগ্ৰীবোৰ বিতৰণ কৰিব লাগে যদিও বিভাগীয় এচাম অসাধু কৰ্মচাৰীয়ে গ্ৰামসেৱকক অন্ধকাৰত ৰাখি নিজ খেয়াল-খুছি মতে এইবোৰ নিজৰ পচন্দৰ লোকৰ মাজতহে বিতৰণ কৰা বুলি কয় কৃষকে৷ ফলত প্ৰকৃত খেতিয়কসকলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়াত পৰিছে৷