30
Dec
2017

নগাঁওঃ নগাঁৱৰ ডিমৌৰ পূৱ শালমৰাত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ নিহত হয়৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত তীব্ৰ বেগী উইংগাৰৰ খুন্দাত থিতাতে নিহত হয় বেবেজীয়াৰ সমীপৰ শেতালী নিবাসী যোগেশ্বৰ শইকীয়াৰ৷
ঘাইপথৰ দাকিৰে ফুলগুৰি বজাৰৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাতে যোগেশ্বৰ শইকীয়াক উইংগাৰ খনে খুন্দা মাৰে। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ণ কৰে ঘাটকৰূপী উইংগাৰখনে। বিগত কেইমাহমানৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ নিয়ন্ত্ৰণহীন গতিবেগ তথা চালকৰ চূড়ান্ত মইমতালিত বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাত বহুকেইজন লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷