নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰাজ্য সভাত বিজেপি চৰকাৰে গৃহীত কৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰত বিভিন্ন দল সংগঠনে বিজয় উৎসৱ পালন কৰে৷ আনন্দত আত্মহাৰা হৈ পৰে যুৱ ছাত্ৰ পৰিষদ, আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মী সকল। 

তেওঁলোকে ৰাজপথত ফটকা ফুটাই আৰু ইজনে সিজনক মিঠাই খোৱাই বিজয় উৎসৱ পালন কৰে৷ অন্যায়ৰ বিৰুদ্ধে এই বিজয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলৰ নৈতিক জয় বুলি মত প্ৰকাশ কৰে সংগঠনটোৰ কৰ্মীসকলে৷ 

বিগত কিছুদিন ধৰি সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত অব্যাহত থকা জোৰদাৰ ধাৰাবাহিক আন্দোলনৰ বাবেই বিজেপি চৰকাৰে বিধেয়কখন ৰাজ্য সভাত গৃহীত কৰিবলৈ নোৱাৰিলে বুলি দাবী কৰে উৎসাহী সংগঠন কেইটাৰ নেতা-কৰ্মীসকলে।