নগাঁওঃ হোজাই জিলাৰ কাকীত কনিষ্ঠ পুত্রৰ অত্যাচাৰত নিজ হাতে গঢ় দিয়া ঘৰত থাকিব নোৱাৰি বৃদ্ধ পিতৃ-মাতৃয়ে আনৰ ঘৰত আশ্ৰয় ল'ব লগা হোৱাৰ এক কৰুণ ঘটনাই সচেতন মহলক মৰ্মাহত কৰি তুলিছে।

কাকী মৌজাৰ অন্তৰ্গত ২ নং কাকীৰ দেউবালী গাঁও নিবাসী প্ৰফুল্ল নাথ (৮০) আৰু হোমেশ্বৰী দেৱী (৭০) নামৰ দুই বৃদ্ধ দম্পতীয়ে নিজৰ কনিষ্ঠ পুত্র সোনেশ্বৰ নাথৰ হাতত জীৱন হেৰুওৱাৰ ভয়ত প্ৰায় এবছৰৰ আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছিল।

চাৰিগৰাকী কন্যা, দুজন পুত্রৰ লগতে দুগৰাকীকৈ বোৱাৰী আৰু কেইবাটাও নাতি-নাতিনীৰে এখন সংসাৰ তথা নিজা ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতি-বাতি থকাৰ পাছতো কনিষ্ঠ পুত্র সোনেশ্বৰৰ অত্যাচাৰৰ ফলত বিবাহিতা কন্যাৰ লগতে গাঁৱৰ আন আন মানুহৰ ঘৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছিল।

একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ আলম লৈ বৃদ্ধ প্ৰফুল্ল নাথৰ ২ নং কাকীৰ দেউবালীস্থিত ঘৰত উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ সহিতে এটা সজাতি দল।

তদুপৰি সজাতি দলটোত নগাঁৱৰ অধিবক্তাদ্বয় ৰূপালী গোস্বামী, শ্বাহনাজ চুলতানা, অৰ্ধআইনী স্বেচ্ছাসেৱক দিপেন্দ্ৰ শইকীয়া,পাপুমনি বৰাও উপস্থিত আছিল।

দুপৰীয়া প্ৰায় চাৰে বাৰ বজাত সজাতি দলটোৱে কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক  লগত লৈ প্ৰফুল্ল নাথৰ দেউবালীস্থিত ঘৰত উপস্থিত হৈ সকলো কথাৰ সবিশেষ বুজ লৈ দুৰ্ভগীয়া বৃদ্ধ দম্পতীক নিজৰ গাড়ীৰে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধ আৱাসলৈ লৈ আনে।

তাৰ পূৰ্বে পুত্ৰৰদ্বাৰা নিৰ্যাতিত দুয়োগৰাকীকে নীলবাগান আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। 

প্ৰকাশ যে, বৃদ্ধ দম্পতীক কনিষ্ঠ পুত্র সোনেশ্বৰ নাথে তিনিবাৰকৈ ডিঙিত চেপি প্ৰাণে মৰাৰ চেষ্টা চলাইছিল বুলিও দুৰ্ভগীয়া হোমেশ্বৰী দেৱীয়ে কান্দি কান্দি জানিবলৈ দিয়ে। 

২৪ বিঘা মাটি দুয়োজন পুত্রৰ মাজত  তেওঁলোকৰ প্ৰাপ্য অংশ ভগাই দিয়াৰ পছতো পিতৃ-মাতৃৰ নামত থকা ৪ বিঘা মাটি কনিষ্ঠ পুত্রক লিখি নিদিয়াৰ বাবে এইদৰে নিজ 
জন্মদাতা পিতৃ-মাতৃক নিৰ্যাতন চলাইছে বুলি পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে সজাতি দলটোৰ আগত ব্যক্ত কৰে।

ইফালে, কনিষ্ঠ পুত্রৰ এনে অত্যাচাৰৰ বলি হৈ আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হোৱা বুলি জানি গাঁওবাসীয়ে তেওঁলোকক সহায় কৰিব পাৰি, তাকে লৈ গুণা-গঁথা চলি থকাৰ সময়তে আজি ন্যায় সেৱা প্ৰাধিকাৰীয়ে দুয়োগৰাকীক নিজগৃহৰপৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ এনে প্ৰসংশনীয় কাৰ্যক কাকী অঞ্চলৰ সচেতন ব্যক্তি সকলে আদৰণি জনোৱাৰ লগতে শলাগ লৈছে।