চামগুৰিঃ দেশে স্বাধীনতা প্ৰাপ্তিৰ বাবে চৰম ত্যাগ কৰাৰ পিছতো বৰ্তমান আকাল দৰিদ্ৰতা, প্ৰৱঞ্চনাৰ বলি হৈছে নগাঁও জিলাৰ এজন প্ৰয়াত মুক্তিযুদ্ধাৰ পৰিয়াল। চমক সৃষ্টিকাৰি একাধিক চৰকাৰী আঁচনি থকাৰ পিছতো নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী বালিজুৰি-বনবাঁহনি গাঁৱত প্ৰয়াত মুক্তিযুদ্ধা ভদ্ৰকান্ত বৰাৰ পৰিয়ালৰ এতিয়া লাওলোৱা অৱস্থা। 

স্বৰ্গীয় মুক্তিযুদ্ধাজনৰ পুত্ৰ মুকুল বৰাৰ পত্নী লীলী বৰা বিগত ছয় মাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ আছে যদিও চৰম আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা কৰিব নোৱাৰাত নিজ বাসগৃহতে চিকিৎসা বিহীনভাৱে বাধ্য হৈছে শয্যাগতহৈ পৰি ৰ’বলৈ। 

অতি দৰিদ্ৰ খেতিয়ক তথা স্বামী মুকুল বৰাই একমাত্ৰ সমল হালৰ গৰু কেইটা, বাঁহ-বেত, মাটি-বাৰি বিক্ৰী কৰিও নিজ পত্নীক উন্নত চিকিৎসাৰ বাবে যুগুতাব পৰা নাই আৱশ্যকীয় ধনৰাশী। ইফালে এজন প্ৰৱঞ্চক যুৱকৰো প্ৰতাৰণাৰ বলি হৈছে অসহায় পৰিয়ালটো। দুমাহ মানৰ পূৰ্বে প্ৰাঞ্জল শইকীয়া নামৰ এজন যুৱকে ৰোগীয়া লীলী বৰাৰ চিকিৎসাৰ নামত দৰিদ্ৰ পৰিয়ালটোৰ পৰা সাচতীয়া ধন, মোটা অংকৰ এখন চৰকাৰী আঁচনিৰ কাৰ্ডসহ ৰুগ্ন মহিলা গৰাকীৰ চিকিৎসকে প্ৰদান কৰা সমূহ ঔষধৰ সূচী, পৰীক্ষা-নিৰীক্ষাৰ প্ৰ-পত্ৰ লৈ পলায়ন কৰাৰ পিছত এতিয়া বিমোৰত পৰিছে পৰিয়ালটো। 

অৱশেষত উপায়ন্তৰ হৈ নগাঁৱৰ বালিজুৰি বনবাঁহনিৰ মুক্তিযুদ্ধাৰ এই নিশকটীয়া পৰিয়ালটোৱে ৰোগগ্ৰষ্ঠ মহিলা গৰাকীক উন্নত চিকিৎসা কৰিব পৰাকৈ কিছু প্ৰয়োজনীয় সাহাৰ্য্য প্ৰদান কৰিবৰ কাৰণে কাতৰ আহ্বান জনাইছে শাসনাধিষ্টিত চৰকাৰখনৰ লগতে তথাকথিত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীজনৰ অধীনৰ সংশ্লিষ্ট বিয়াগোম বিভাগটোক।