12
Apr
2019

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাঁও নিবাসী ধৰ্মপ্ৰাণ মহিলা কমলেশ্বৰী দেৱীৰ ১১ এপ্ৰিলৰ বিয়লি ৩ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয়।
৭২ বছৰীয়া ধৰ্মপ্ৰাণ মহিলা গৰাকী কিছুদিনৰপৰা উচ্চৰক্তচাপ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আমাৰ অসম কাকতৰ বেবেজীয়াৰ স্থানীয় সংবাদদাতা গকুল ভাৰতীৰ মাতৃ কমলেশ্বৰী দেৱীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত অগণন গুনমুগ্ধই শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে।
মৃত্যুৰ সময়ত ২ জন পুত্র, ৪ গৰাকী কন্যা, বহু কেইটা নাতি-নাতিনী আৰু অনেক আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায়। ধৰ্মীয় মহিলা গৰাকীৰ বিয়োগত জাজৰি আৰু বেবেজীয়া প্ৰেছ ক্লাবৰ সকলো সংবাদকৰ্মীয়ে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে অঞ্চলৰ বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধা নিবেদনেৰে শোক প্ৰকাশ কৰে।