জয়ন্ত মুদৈ, নগাঁওঃ নিজা পাৰদৰ্শিতাৰ বলত উজলি উঠা 'ধিং এক্সপ্রেছ’ খ্যাত স্বৰ্ণ কন্যা হিমা দাস এইবাৰ অৱতীৰ্ণ হ’ল পৰীক্ষার্থী ৰূপত।

খেলপথাৰ এৰি মঙলবাৰৰেপৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে হিমা দাস। খেলপথাৰত দপদপনি তুলি খুব কম সময়তে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টিৰে সকলোৰে নয়নৰ মনি হৈ পৰা হিমাৰ মন শিক্ষাজগতটো সফলতা বুটলাৰ৷

সেয়ে অলিম্পিকত অংশগ্ৰহণৰ লক্ষ্যৰে ৰাজ্যৰ বাহিৰত কঠোৰ অনুশীলনত ব্যস্ত থকা হিমাই খেলপথাৰ এৰি ঢাপলি মেলিলে জন্মভূমিলৈ আৰু বহিল এই গুৰুত্বপূৰ্ণ পৰীক্ষাত৷ ইফালে, ধিং মহাবিদ্যালয়ৰ পৰীক্ষাগৃহত পৰীক্ষা দিবলৈ আহি লগৰ বন্ধু-বান্ধৱীক কাষত পাই আনন্দিত হৈ পৰিল হিমা। পৰীক্ষাৰ অন্তত স্কুলৰ ইউনিফৰ্ম পিন্ধি পিঠিত বেগ লৈ ধিং মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰপৰা ওলায়েই পোনে পোনে হিমা পালেগৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠা। 

হিমাক কাষত পাই উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্রীসকলো। পৰীক্ষাৰ খবৰ লোৱাৰ লগতে  সকলোৱে উঠিলে ছেল্ফি। উল্লেখ্য, দৌৰৰ ৰাণী হিমা দাসৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাক কেন্দ্ৰ কৰি জন্মভূমিৰ সৰ্বস্তৰৰ লোকৰ মাজতে চৰম উংসুকতাৰ সৃষ্টি হয়৷ পুৱা পৰীক্ষাকেন্দ্ৰৰ বাহিৰত বহুলোকৰ সমাগম হয় আৰু সকলোয়ে বিশ্বজয়ী দৌৰবিদ গৰাকীক শুভেচ্ছা জনায়৷ 

পৰীক্ষা শেষ হোৱাৰ পাছতো বহু লোকে পৰীক্ষাকেন্দ্ৰলৈ আহি খেলুৱৈগৰাকীক লগ ধৰি উৎফুল্লিত হৈ পৰা দেখা যায়৷ উল্লেখ্য, নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ সমীপৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছপৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নাথাকিলেও হিমাই নিজৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পাছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা ইতিমধ্যে অতিক্ৰম কৰিছে৷ কিয়নো, ইতিমধ্যে ধাৰাবাহিক দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ ৪×৪০০ মিটাৰ ৰীলে দৌৰত দলগতভাৱে সোণৰ লগতে আন দুটা ইভেন্টত ৰূপৰ পদক দখলেৰে পদক লাভৰ হেট্ৰিক অৰ্জনেৰে ৰাজ্যৰ লগতে দেশবাসীক গৌৰাম্বিত কৰিছে৷

ইয়াৰ পূৰ্বে হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাই ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছিল আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত হৈ যোৱা অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণপদক দখল কৰি ইতিহাস ৰছিবলৈ সমৰ্থ হৈছিল দৌৰৰ ৰাণী হিমা৷

প্ৰসংক্ৰমে উনুকিয়াব পাৰি যে, সুদীৰ্ঘ ৫২ বছৰৰ পাছত এছিয়ান গেমছত অসমৰ বাবে দ্বিতীয়টো পদক কঢ়িয়াবলৈ সক্ষম হোৱা ১৯ বছৰীয়া অসম কন্যা হিমাই প্ৰশিক্ষক নিপন দাসৰ চেষ্টাত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ক্ৰীড়া জগতৰ সফলতাৰ সমান্তৰালকৈ আকাশ চুবৰ মন তথা হাবিয়াস বুকুত সাৱটি লৈ ফুৰা অসমৰ উৰন্ত কন্যা হিমা দাসৰ মন উচ্চমানৰ শৈক্ষিক অৰ্হতা লাভ কৰাৰ৷ যাৰ বাবেই এনেদৰে খেলপথাৰৰপৰা কিছুদিনৰ বাবে আঁতৰি থাকি অৱতীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত৷

সেয়ে এতিয়া সকলোৱে আশা কৰিছে এই পৰীক্ষাত হিমাই কৃতকাৰ্যতা লাভ কৰক৷