newsnextone.com | নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ পিছ পৰি ৰোৱা নাই সাংবাদিক সংগঠনসমূহো৷  ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব বৃহস্পতিবাৰে। সমগ্ৰ জিলা খনৰ কৰ্মৰত সাংবাদিকসকলে ২৪ মে'ৰ পুৱা ১১ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। 

আপকুৰ নগাঁও জিলা সমিতি, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছোছিয়েচন, নগাঁও জিলা বাৰ্তা জীৱি সংঘ, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা সমিতি জুৱাৰ  উদ্যোগত আৰু কলিয়াবৰ, ৰহা, কামপুৰ, পুৰণিগুদাম, চামগুৰি, বঢ়মপুৰ, বেবেজীয়া, ধিং, বটদ্ৰৱা, ৰূপহীহাট, জাজৰি আৰু জুৰীয়াৰ সাংবাদিকসকলে যৌথভাৱে বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। 

২৪ মে’ৰ পুৱা ১১ বজাত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখৰ সাংবাদিকসকলক উপস্থিত হ'বলৈ উদ্যোক্তা সাংবাদিক সংগঠন কেইটাই অনুৰোধ জনাইছে। জিলাখনত সমুহ দল-সংগঠনৰ সহায় সহযোগিতা কামনা কৰিছে নগঞা সাংবাদিক সকলে।