নগাঁওঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ শ্ৰীশ্ৰী ক'ৰচুং সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ নাগৰিক, গুৰুজনাৰ একান্ত সেৱক বিদ্যাধৰ গোস্বামীৰ দেওবাৰে যোৱা নিশা নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। 

৮৮ বছৰ বয়সলৈকে মহাপুৰুষ গুৰুজনাৰ সত্ৰ-সংস্কৃতিৰ লগত জড়িত হৈ শ-শ লোকক শৰণ-ভজন দি গুৰু সংস্কৃতি প্ৰচাৰ প্ৰসাৰত নিজকে উৎসৰ্গা কৰা পুৰোধা ব্যক্তিগৰাকীৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷

নগাঁও মহাবিদ্যালয়ৰ কাৰ্যালয় অধীক্ষক হিচাপে অৱসৰ গ্ৰহন কৰাৰ পিছৰে পৰা বিদ্যাধৰ গোস্বামীয়ে ক'ৰচুং সত্ৰৰ লগতে সত্ৰ সংস্কৃতিৰ উৎকৰ্ষ সাধনত আমৃত্যু সম্পূৰ্ণৰূপে মনোনিবেশ কৰি আছিল৷ মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীয়ে পত্নী, পুত্ৰ, বোৱাৰী, নাতিসহ বহু শিষ্য তথা গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে৷ 

বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ'লগুৰি আৰু নৰোৱা সত্ৰ সত্ৰাধিকাৰদ্বয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে সত্ৰাধিকাৰ বিদ্যাধৰ গোস্বামীৰ বিয়োগত শোক ব্যক্ত কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷