কলিয়াবৰঃ সূৰ্য্যক প্ৰণাম জনাই কঠিয়া পাৰিলে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই৷ বানপীড়িত কৃষকক কঠিয়া যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা আঁচনিৰ বাবে এনেদৰে পথাৰত নামিল মন্ত্ৰীগৰাকী।

নগাঁও জিলাৰ কৃষি বিভাগে আজি কলিয়াবৰৰ দাৰিগজিত সমূহীয়া কঠিয়াতলী প্ৰস্তুত আঁচনিৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ জৰিয়তে।

মন্ত্ৰী কেশৱ মহন্তই পাচিত ধান লৈ বোকাত নামি ধান সিঁচে৷ বানপীড়িত কৃষকক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰখনে এই আঁচনি হাতত লৈছে।

ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ দাৰিগজি কৃষি বীজ পামৰ ৭০ বিঘা ভূমিত লুইত ধানৰ প্ৰজাতি আৰু আন কেইবাবিধ ধানৰ বীজ সিঁচি কৃষকৰ মাজত বিতৰণ কৰিব কৃষি বিভাগে ৷

বানপানীত ক্ষতিগ্ৰস্ত নগাঁও জিলাৰ কৃষকক কঠিয়া যোগান ধৰাৰ উদ্দ্যেশ্য ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰূপায়ণ কৰা আঁচনিখনৰ জৰিয়তে ১৫-২১ দিনৰ ভিতৰত কৃষকক কঠিয়া যোগান ধৰা হ'ব বুলি কৃষি বিভাগে জানিবলৈ দিয়ে।

জিলা উপায়ুক্ত চমছেৰ সিং, জিলা কৃষি বিষয়া দেৱেশ্বৰ পাংগিং, মহকুমা কৃষি বিষয়া বীৰেণ গগৈ, মহকুমাধিপতি পংকজ চক্ৰৱৰ্তীয়েও কঠিয়া সিঁচা অনুষ্ঠানত উপস্থিত থাকে।