
জয়ন্ত মুদৈ, নগাঁওঃ পৃথিৱীৰ ভিতৰত অদ্বিতীয় মুগাশিল্প৷ মুগাই আৰ্ন্তজাতিক বজাৰ দখল কৰিব পৰা সম্ভাৱনা প্ৰবল৷ তেনে এক শিল্পক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই শিল্পই ৰাজ্যত অধিক বিস্তাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
আনকি ৰাজ্যৰ ৰেচম বিভাগত মাত্ৰ ৬৭২ জন ৰেচম প্ৰদৰ্শক কৰ্মৰত হৈ আছে। যাৰ পৰিণতিত ৰাজ্যৰ ৰেচম ফাৰ্ম আৰু চি এম জিবোৰ জৰাজীৰ্ণ হৈ পৰাৰ লগতে অধিকাংশই ধ্বংসৰ মুখলৈ গতি কৰিছে।
ইয়াৰ পাছতো চৰকাৰে এইবোৰক অধিক গতিশীল কৰি তোলাৰ বাবে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত ৰেচম বিভাগত বৰ্তমানেও বহুতো প্ৰশিক্ষণপ্ৰাপ্ত ৰেচম প্ৰদৰ্শক নিবনুৱা হৈ বহি আছে। কিন্তু এই খালী পদবোৰ পূৰণৰ বাবে চৰকাৰে আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
ইফালে বিভাগটো অধিক গতিশীল কৰাৰ অৰ্থে ২০১৪ চনৰ ২৫ আগষ্ট তাৰিখে বিভাগীয় ষ্টেণ্ডিং কমিটীয়ে HTS 84/2007/pt/221 dated 20/11/2014 নং চিঠিযোগে খালী হৈ থকা পদসমূহ পূৰণৰ পৰামৰ্শ আগৱঢ়াইছিল৷ সেই মৰ্মে বিত্ত বিভাগলৈ বিভাগটোৱে BB/48/2014/184 dated 01/11/2014 নং চিঠিযোগে ১০০ টা ৰেচম প্ৰদৰ্শকৰ পদ পূৰণৰ বাবে বিত্তীয় অনুমোদন বিচাৰিছিল।
পৰৱৰ্তী পৰ্যায়ত ২০১৬ চনৰ অক্টোবৰত অসম চৰকাৰৰ বিত্ত বিভাগে SDP/132/2015 জড়িয়তে ৰেচম বিভাগত খালী হৈ থকা ৭টা ৰেচম প্ৰদৰ্শক পদ তাৎকালীনভাৱে পূৰণ আৰু বিভাগীয় মন্ত্ৰীৰ অনুমোদন লৈ ১০০ টা Sericulture Demonstratorৰ পদ পূৰণ কৰাৰ নিৰ্দেশ দিয়ে।
ইয়াৰ মাজতে সদৌ অসম ৰেচম প্ৰদৰ্শক প্ৰশিক্ষণপ্ৰাপ্ত সন্থাই ২০১৬ চনৰ ৪ জুনত Ref. No - SDP 39/2015/116/4105 আৰু Govt. Latter No - HTS 132/2015/53 Dt. 15/07/2016 মৰ্মে বিভাগীয় বিধিমতে অসম চৰকাৰৰ ৰেচম বিভাগে ১০০ টা ৰেচম প্ৰদৰ্শক পদ নতুনকৈ সৃষ্টিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল।
কিন্তু পৰিতাপৰ বিষয় যে ২০১৬ চনৰ অক্টোবৰৰপৰা আজি পৰ্যন্ত ৰেচম বিভাগে HTS 132/2015 নং ফাইলটোৰ ওপৰত হেয়জ্ঞান কৰি আহিছে বুলি অভিযোগ উঠিছে। যাৰ বাবে ৰেচম বিভাগত ১৯৯৬ চনৰেপৰা এবছৰীয়া ৰেচম প্ৰদৰ্শকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অধিকাংশ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীৰ বয়স ৪০-৫০ বছৰত ভৰি দিয়াৰ উপক্ৰম হৈছে। গতিকে ৰেচম বিভাগৰ উন্নয়নৰ লগত সংগতি ৰাখি নতুনকৈ সৃষ্টি কৰা এই এশটা ৰেচম প্ৰদৰ্শক পদ খৰতকীয়া গতিত নিযুক্তি দিবৰ বাবে সদৌ অসম ৰেচম প্ৰদৰ্শক প্ৰশিক্ষণপ্ৰাপ্ত সন্থাই দাবী জনাইছে।