♦ দহ গৰাকী কবিলৈ কবিতাৰ সন্মান

নগাঁওঃ কবিতা, গল্প, উপন্যাস, শিশু সাহিত্য, অনুবাদ সাহিত্য আদিৰে অসমীয়া সাহিত্য জীপাল কৰি থৈ যোৱা পাঠকৰ অতিপ্ৰিয় লেখক নৱকান্ত বৰুৱাৰ আজি ৯৩ সংখ্যাক ওপজা দিনটোত তেওঁৰ গুণমুগ্ধ সমাজে নগাঁও চহৰত 'কবিতাৰ দিন' হিচাপে পালন কৰে।
১৯৮৬ চনৰপৰা পালন কৰি অহাৰ দৰে আজিও কবিতাৰ দিনটোত নৱকান্ত বৰুৱাৰ পুৰণি ভেটি শৈশৱৰ চোতালত থকা শিলিখা জোপাৰ তলত গীত, কবিতা পাঠ আৰু চিত্ৰ অংকনেৰে এক অনন্য পৰিৱেশৰ সূচনা হয়।
এই অনুষ্ঠানত কবিতাৰ সম্ৰাট নবকান্ত বৰুৱাক সোঁৱৰণ কৰাৰ লগতে ৰাজ্যখনৰ দহগৰাকী কবিলৈ কবিতাৰ দিনৰ সন্মান জনোৱা হয়।
কবিতাৰ দিনত ’কবিতা দিনৰ সন্মান’ৰে সন্মানিত কৰা হয় বসন্ত কৌশিক ভাগৱতী, এম ইব্ৰাহিম আলী, বিপুল কলিতা, আতিকুৰ ৰহমান, প্ৰদীপ কুমাৰ বৰা, দেৱদত্ত হাজৰিকা, মদাৰজ্যোতি, বীণা শৰ্মা, নিৰলা ইংহিপী আৰু চন্দ্ৰ কুমাৰ বৰাক।
অনুষ্ঠানত কেনভাচত চিত্ৰ অংকন কৰে শিল্পী ক্ৰমে টিকেন্দ্ৰজিৎ শইকীয়া, সুজিৎ দাস, গকুল চেত্ৰী আৰু নিলাক্ষী বেজবৰুৱাই। আনহাতে, গীত পৰিৱেশন কৰে পাৰুল গায়ন, নয়নজ্যোতি শইকীয়া, উজ্জ্বল জ্যোতি দাস আৰু শিশু শিল্পী মাধুৰ্য মণ্ডিত শৰ্মা।
অনুষ্ঠানত কবিতা আবৃত্তি আৰু কবিতা পাঠেৰে নুপুৰ মোমাইদেউ ত্ৰৈলোক্য ভট্টাচাৰ্য,মনোজ কুমাৰ শৰ্মা, জ্যোতি প্ৰসাদ বৰা, প্ৰাঞ্জল বৰদলৈ, লীনা সন্দিকৈ, পুতুল বৰা, ৰূপা শইকীয়া, তেজস্বীনী কৌৰ, হেৰম্ব গোস্বামী, চুমী কৌৰ, পাপু মজুমদাৰ, নয়নমনি মিশ্ৰ, পুৰুৱী শইকীয়া, প্ৰিয়ব্ৰত যোগী আদিয়ে উপস্থিত সকলোকে কাব্য ৰসৰ সোৱাদ দিবলৈ সক্ষম হয়।
অনুষ্ঠানত ডাঃ জয়ন্ত বৰুৱা, ৰাকেশধীৰ মেধি, দুলাল বৰা, প্ৰদীপ শইকীয়া, আতিকুৰ ৰহমান, ডাঃ দত্ত বৰুৱা আদিকে প্ৰমুখ্য কৰি বহু সংখ্যক কাব্যানুৰাগীয়ে অংশগ্ৰহণ কৰে।