
ডিজিটেল ডেস্ক, নগাঁওঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ (এ ডি পি কলেজ) অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীক উদ্দেশ্যি ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে ফেচবুকত কৰা কেতবোৰ অসন্মানজনক, বিতৰ্কিত মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বুধবাৰে বিয়লি ১.৫৫ বজাত ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ফেচবুকৰ নিজৰ একাউন্টত এক প'ষ্টযোগে মহাবিদ্যালয়খনৰ ইউনিৰ্ফম প্ৰসংগত অধ্যক্ষৰ নিৰ্দেশনাৰ সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষ জনৰ বিৰুদ্ধে কেতবোৰ সন্মান হানিকৰ, আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কলেজখনৰ একাংশ ছাত্ৰীয়ে হিজাব আৰু নেকাব পৰিধান কৰি অহা কাৰ্যৰো সমৰ্থন কৰে।
"নগাঁও এ ডি পি কলেজৰ অধ্যক্ষ্যলৈ কেইটামান মুকলি প্ৰশ্ন" শিৰোনামৰ ফেচবুক প'ষ্টটোত বিধায়ক ইছলামে অধ্যক্ষ ডঃ ভাগৱতীক কটু সমালোচনা কৰি মহাবিদ্যালয়খন তেওঁৰ পৈত্তিক সম্পত্তি নেকি বুলি প্ৰশ্ন কৰি মহাবিদ্যালয়খনক গেৰুৱাকৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। লগতে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰীয়ে হিজাব আৰু নেকাব পিন্ধি পাঠ গ্ৰহণ কৰাৰ ফলত কাৰ কি অসুবিধা হ'ল বুলিও প্ৰশ্ন কৰে।
বিধায়কজনে তেওঁৰ ফেচবুক প'ষ্টটোৰ সন্দৰ্ভত ইউ ডি এছ এফ, আছু, আমছু, এন এছ ইউ আই, এছ এফ আই, এ জে ৱাই চি পি আৰু নগাঁও জিলাত সক্ৰিয় হৈ থকা অন্যান্য ছাত্ৰ সংগঠনকো হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। চ'ছিয়েল মিডিয়াত বিধায়ক ইছলামৰ এই মন্তব্য প্ৰকাশ পোৱাৰ পাছতেই একাংশ লোকে অতি সাম্প্ৰদায়িক আৰু অশালীন মন্তব্যৰে অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।
আনকি একাংশই অধ্যক্ষজনক প্ৰাণে মৰাৰো ভাবুকি দিয়ে। ইপিনে, আজি এই সম্পৰ্কত প্ৰতিক্ৰিয়া জানিব বিচৰাত এ ডি পি কলেজৰ অধ্যক্ষ ডঃ ভাগৱতীয়েতে কয়, "মহাবিদ্যালয়খনলৈ ছাত্র-ছাত্ৰীয়ে জ্ঞান আহৰণ কৰিবলৈ আহে। এইখন মহাবিদ্যালয়ত তিনিহাজাৰৰো অধিক ছাত্র-ছাত্ৰীৰ ভিতৰত প্ৰায় ছশ মুছলমান সম্প্ৰদায়ৰ ছাত্র-ছাত্ৰী আছে। সকলোৰে বাবে একেই ইউনিৰ্ফম। কাৰণ কলেজ চৌহদত হিন্দু, মুছলমান, খ্ৰীষ্টান তথা ধনী দুখীয়া সকলো সমান। জ্ঞান আহৰণৰ এই পৱিত্ৰ মন্দিৰত সকলো সমান বাবেই মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰেপৰাই ছাত্র-ছাত্ৰীসকলে একেই পোছাক পৰিধান কৰাটো বাধ্যতামূলক বুলিয়েই গণ্য কৰি অহা হৈছে। সেয়ে সকলোৱে এই ইউনিৰ্ফম পৰিধান কৰিয়ে কলেজলৈ আহে। কিন্তু দুৰ্ভাগ্যজনক জনকভাৱে এগৰাকী ছাত্ৰীয়ে এই নিয়ম পালন কৰা নাই।
তেওঁ মহাবিদ্যালয়লৈ বোৰ্খা পৰিধান কৰি আহে। ছাত্ৰীগৰাকীক ব্যক্তিগতভাৱে একো নকৈ সকলো ছাত্র-ছাত্ৰীকে ইউনিৰ্ফম পৰিধান কৰি আহিবৰ বাবে আহ্বান জনাই অধ্যক্ষজনে পুনৰ এখন জাননী জাৰি কৰে। ইয়াৰ পাছতেই এইখন মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্র ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ফেচবুকত কিছু বিতৰ্কিত মন্তব্য কৰে।
বোৰ্খা পৰিধান কৰি অহা ছাত্ৰী গৰাকী বিধায়ক গৰাকীৰ জীয়ৰী বুলি জানিব পাৰিছো। ইতিমধ্যে অধ্যক্ষ ডঃ ভাগৱতীয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধীক বিষয়টো লিখিতভাৱে অৱগত কৰিছে বুলি তেওঁ জনাইছে। বিধায়ক জনে এই সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্যক মহাবিদ্যালয়খনৰ ছাত্র একতা সভা, শিক্ষক গোট, কৰ্মচাৰী, একাংশ প্ৰাক্তন ছাত্রই একেমুখে গৰিহণা দিছে৷